ডিজিটেল ডেস্ক, anews24x7: উত্তৰ-পূব সীমান্ত ৰে’লৱেই শিলচৰ-নাহৰলাগুন আৰু আগৰতলা-গুৱাহাটীৰ মাজত দুখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। শিলচৰ আৰু নাহৰলাগুনৰ মাজত গ্ৰীষ্মকালীন বিশেষ ৰে’লখনে অৰুণাচল প্ৰদেশৰ এটা অংশক বৰাক উপত্যকাৰ সৈতে সংযোগ কৰিব।
ইপিনে এই ৰে’লখন অহা সোমবাৰৰ পৰা চলিত বৰ্ষৰ ২৯ আগষ্টলৈ দুয়ো দিশত ১১টা ট্ৰিপৰ বাবে চলিব। আগৰতলা আৰু গুৱাহাটীৰ মাজত চলিত বৰ্ষৰ ২২ জুনৰ পৰা ১ ছেপ্টেম্বৰলৈ আন এখন গ্ৰীষ্মকালীন বিশেষ ৰে’ল দুয়ো দিশত ১১টা ট্ৰিপৰ বাবে চলিব।
এই অনুসৰি প্ৰতি সোমবাৰে দিনৰ ১ বাজি ৫০ মিনিটত শিলচৰৰ পৰা ০৫৬৩৮ নম্বৰৰ শিলচৰ-নাহৰলাগুন বিশেষ ৰে’লখন ৰাওনা হ’ব আৰু পিছদিনা পুৱা ৮ বাজি ৩০ মিনিটত নাহৰলাগুনত উপস্থিত হ’ব।আনহাতে যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে সবিশেষ পৰীক্ষা কৰিবলৈ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছে।