Thursday, November 7, 2024
Homeঅসমপুনৰ নিৰ্মাতা ৰূপে চলচ্চিত্ৰ জগতত খোজ দিব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই

পুনৰ নিৰ্মাতা ৰূপে চলচ্চিত্ৰ জগতত খোজ দিব হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই

ডিজিটেল ডেস্ক, anews24x7: অসমীয়া চলচ্চিত্ৰ জগতলৈ আহিছে সু-দিন। ইখনৰ পিছত সিখনকৈ অসমীয়া ছবি ছুপাৰহিট হোৱাত ছবি নিৰ্মাণৰ বাবে আগুৱাই আহিছে অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা সকল। প্ৰতিষ্ঠিত চলচ্চিত্ৰ নিৰ্মাতা তথা হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই অহা নৱেম্বৰ মাহৰ পৰা এখন নতুন অসমীয়া ছবিৰ দৃশ্য গ্ৰহণৰ কাম শুভাৰম্ভ কৰিব।

,”কইনা মোৰ ধুনীয়া, ককা দেউতাৰ ঘৰ জোৱাঁই, ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত ছবি “কদমতলে কৃষ্ণ নাচে” আদি সুমন হৰিপ্ৰিয়াৰ জনপ্ৰিয় ছবি। পুনৰ ছবি নিৰ্মাণ কৰিবলৈ মন মেলা নতুন ছবিখনো ড০ বেজবৰুৱা ২, শ্ৰী ৰঘুপতিৰ দৰে দৰ্শক ৰাইজে আদৰি ল’ব বুলি আশা কৰিছে সুমন হৰিপ্ৰিয়াই।

আহিব লগীয়া নতুন ছবিখন একশ্যনধৰ্মী হ’ব বুলি জানিবলৈ দি বিধায়িকা গৰাকীয়ে কয় ছবিখনৰ স্কীপ্ট ইতিমধ্যে সাজু হৈছে। নৱেম্বৰ মাহৰ পৰা অসমৰ বিভিন্ন প্ৰান্তৰ লগতে তীৰ্থনগৰী হাজোৰ মনোমোহা প্ৰাকৃতিক পৰিৱেশৰ মাজত ছবিখনৰ দৃশ্য গ্ৰহণ চলিব। অৱশ্যে ছবিখনৰ নাম কি হ’ব পৰৱৰ্তী সময়তহে দৰ্শক ৰাইজে জানিব পাৰিব বুলি মন্তব্য কৰে বিধায়িকা তথা চলচিত্ৰ নিৰ্মাতা সুমন হৰিপ্ৰিয়াই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments