Monday, July 7, 2025
Homeৰাষ্ট্ৰীয়ইম্ফলত 'অবৈধ' আৰোগ্য কেন্দ্ৰৰ পৰা উদ্ধাৰ ২৬ জনক

ইম্ফলত ‘অবৈধ’ আৰোগ্য কেন্দ্ৰৰ পৰা উদ্ধাৰ ২৬ জনক

ডিজিটেল ডেস্ক ANEWS24X7: মানসিক স্বাস্থ্য সমস্যা আৰু নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰত ভুগি থকা ২৬ জন বন্দীক অবৈধ্য আৰোগ্য কেন্দ্ৰৰ পৰা মণিপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ সোমবাৰে স্বাস্থ্য বিভাগ আৰু ইম্ফল পূৱ জিলা আৰক্ষীয়ে চলোৱা এক অভিযানত এই সকল বন্ধীক উদ্ধাৰ কৰা হয় ৷

এই ২৬ জন বন্দীৰ ভিতৰত ১০ জন পুৰুষ বন্দীক হাফৱে হোম তেজপুৰলৈ স্থানান্তৰ কৰা হৈছিল আৰু আঠগৰাকী মহিলা কয়েদীক ৱাংজিংৰ হাফৱে হোমলৈ স্থানান্তৰ কৰা হৈছিল।আন তিনিজন বন্দীক জেএনআইএমএছত আৰু দুজনক নিচা মুক্তি কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ।

আনহাতে সঠিক ৰোগ নিৰ্ণয়ৰ পিছত আন তিনিজন বন্দীক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হয় ৷ এই সকল বন্দিক অবৈধ্য ভাবে মায়োফুঙৰ বেথেল হিলিং চেণ্টাৰক ৰখোৱা হৈছিল ৷

এই সন্দৰ্ভত স্বাস্থ্য সঞ্চালক ড০ কে এইচ চাছিকুমাৰ মাংগাঙে অবৈধভাৱে পৰিচালিত কেন্দ্ৰটোৰ স্বত্বাধিকাৰীলৈ এখন আইনী জাননী প্ৰেৰণ কৰিছে আৰু ইয়াৰ অংশীদাৰসকলৰ বিৰুদ্ধে মণিপুৰ নাৰ্চিং হোমছ আৰু ক্লিনিক পঞ্জীয়ন আইন, 1992 আৰু নিয়মাৱলীৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments