ডিজিটেল ডেস্ক, ANEWS24X7: আজি অন্ত পৰিব মহা অম্বুবাচীৰ। সূৰ্যোদয়ৰ লগে লগে ভক্তৰ বাবে মুকলি কৰা হ’ল মা কামাখ্যাৰ দুৱাৰ। চাৰিদিনৰ অন্তত পুৱা ৫ বজাত খুলি দিয়া হয় দুৱাৰ। দেৱী দৰ্শনৰ বাবে নিশাৰে পৰা শাৰী পাতিলে সহস্ৰাধিক ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু ।
২২ জুনৰ নিশা ২.৩০ বাজি ৪২ ছেকেণ্ডৰ পৰা আৰম্ভ হৈছিল প্ৰবৃত্তি। মাৰ আশিস লৈ নিজ নিজ ঘৰলৈ ৰাওনা হৈছে বহু দেশী-বিদেশী ভক্ত। উখল মাখল হৈ পৰিছে নীলাচলৰ বুকু কিয়নো প্ৰতি বছৰে অম্বুবাচীৰ সময়ত কামাখ্যা ধামলৈ আহে লাখ লাখ ভক্ত, সাধু–সন্যাসী। এইবাৰো ব্যতিক্ৰম নহয়।
অম্বুবাচীৰ আৰম্ভণিৰ দিনটোৰ পৰা অন্তিম দিনটোলৈ কামাখ্যা ধামত দেখা গ’ল অগণন ভক্তৰ ভিৰ। মা কামাখ্যাৰ আশিস ল’বলৈ নিবৃত্তিৰ দিনটোলৈ ৰৈ থাকে সকলো।