Tuesday, July 8, 2025
Homeঅসমমৰিগাঁৱত জিলা কংগ্ৰেছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱস পালন

মৰিগাঁৱত জিলা কংগ্ৰেছৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱস পালন

ডিজিটেল ডেস্ক ANEWS24X7: আজি আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱস ৷ নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুত বৰদলৈৰ নেতৃত্বত মৰিগাঁও, নগাঁও আৰু হোজাই জিলাত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় বিশুদ্ধ বায়ু দিৱস ৷

বায়ু দিৱসৰ লগত সংগতি ৰখি জিলা তিনিখনত ৰোপণ কৰা হয় প্ৰায় তিনিশ বিধ অসমৰ থলুৱা প্ৰজাতিৰ গছ ৷ প্ৰাকৃতিক ভাৰাসাম্যতা বৰ্তাই ৰখাৰ স্বাৰ্থত কংগ্ৰেছ কৰ্মী সকলে বৃক্ষ ৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও যুৱ কংগ্ৰেছে মৰিগাঁও চাৰন বিল পাৰত শতাধিক গছপুলি ৰোপণ কৰে। ৷

উক্ত কাৰ্য্যসূচীত উপস্থিত আছিল সাংসদ গৰাকীৰ দিল্লীস্থ সংসদীয় সচিব এভিটা সিং, মৰিগাঁও যুৱ কংগ্ৰেছৰ সভাপতি হৰ্ষ বৰদলৈৰ লগতে মৰিগাওঁ জিলা কংগ্ৰেছৰ বহু বিষয়া কৰ্মী ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments