ডিজিটেল ডেস্ক, anews24x7: বৰ্তমান সময়ত বহুতো লোক বা যুৱক- যুৱতীৰ মুখত শুনা যায় যে পৰ্যাপ্ত টোপনি নোহোৱাৰ কথা। কিয়নে দিনটোৰ ব্যস্ততাৰ অন্তত ভাগৰুৱা শৰীৰটোৱে জিৰণী বিচাৰে ।
দুৰ্বল জীৱনশৈলী, চাপ আদিৰ বাবে যেন বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা স্বাভাৱিক হৈ পৰিছে। এনে লোকসকলৰ ৰাতি টোপনি নাহে আৰু তেওঁলোকৰ টোপনি আহিলেও ৰাতিপুৱা শুই উঠা সময়লৈকে বহুবাৰ টোপনি ভাঙি যায়।

তাৰ পিছতএইবোৰৰ ফলতেই গোটেই দিনটো শৰীৰৰ সম্পূৰ্ণ সুস্থ হৈ নাথাকে আৰু মানসিক চাপ অনুভৱ কৰে। বহুলোকৰ ক্ষেত্ৰত অনিদ্ৰা মাত্ৰ কেইদিনমানৰ সমস্যা হ’লেও কিন্তু প্ৰায়সংখ্যক লোক এনে অৱস্থাৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছে।
এই ক্ষেত্ৰত হতাশা, উদ্বেগ, অত্যাধিক চাপ আদিৰ সমস্যা দ্ৰুতগতিত বৃদ্ধি হ’বলৈ আৰম্ভ কৰে।
আপুনি কেনেদৰে এই সমাধাৰ কৰিব পাৰিব –
১. ধ্যান কৰক শান্ত আৰু এডোখৰ নিৰ্জন ঠাইত বহক আৰু গভীৰ উশাহ লওক।
২. মন্ত্ৰ আৰু জপ মনটো শান্ত কৰাৰ এইটো এটা ভাল উপায়।
৩.যোগাভ্যাস কৰক
এই সমূহ কৰিলে আপোনালোকে ভালদৰে শুব পাৰিব ।
