ডিজিটেল ডেস্ক, anews24x7: ” মোৰ প্ৰতিটো কামে, প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে শইচ-সোনোৱালী ভৱিষ্যতৰ সপোন” । সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য। যাৰ কবিতাত সমাজ জীৱনৰ বিভিন্ন দিশৰ লগতে প্ৰকাশ পাইছিল স্বদেশ আৰু প্ৰকৃতিৰ জয়গান। সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্য দেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। শব্দৰ যাদুকৰ হীৰু দাৰ অনন্য সৃষ্টিয়ে আমাৰ কথাশিল্পৰ ভঁৰাল চিৰকাল চহকী কৰি ৰাখিব। তেখেতৰ এই দিনটোত সকলোৱে শ্ৰদ্ধাৰে সুঁৱৰে। অসমীয়া কবিতাৰ এক প্ৰসিদ্ধ নাম ‘হীৰুদা’।
‘হীৰুদা’ নামে পৰিচিত হীৰেন ভট্টাচাৰ্যৰ কবিতা অসমীয়া কবিতাপ্ৰেমী খুবেই জনপ্ৰিয় ৷ তেওঁৰ কাবিক্যতা আৰু কথনশৈলীয়ে কবিতাক অন্য মাত্ৰা প্ৰদান কৰিছিল। কবিতা কম ভালপোৱা বা কমকৈ বুজি পোৱা লোকৰ বাবেও হীৰুদাৰ কবিতা আছিল তেনেই সহজবোধ্য তথা সমানে প্ৰিয়। চিৰসেউজ হৈ থকা হীৰুদাৰ এই কবিতাবোৰৰ মাজতে আজি কাব্যপ্ৰেমীসকলে বিচাৰি পায় হীৰুদাক। নিজৰ কবিতাৰ দৰেই কবি হীৰুদা আজিও অমৰ। হীৰেন ভট্টাচাৰ্যই ১৯৩২ চনৰ ২৮ জুলাইত যোৰহাটত জন্মগ্ৰহণ কৰিছিল। তেখেতে স্কুলীয়া জীৱন আৰম্ভ কৰে ডিব্ৰুগড়ৰ গ্ৰেহাম বজাৰ এম.ই. স্কুলৰ পৰা। তেজপুৰৰ পৰা শিক্ষাজীৱন সমাপ্ত কৰে।
১৯৪৫ চনত গুৱাহাটীৰ কটন কলেজিয়েট স্কুলৰ পৰা তেওঁ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৬৪ চনত হীৰেন ভট্টাচাৰ্য বোৰ্কালৈ যায় আৰু তাৰ এখন স্কুলত শিক্ষকতা আৰম্ভ কৰে ৷ তেওঁৰ প্ৰথম কবিতা প্ৰকাশ পায় ১৯৫৭ চনত ৷ তেখেতৰ প্ৰথম কবিতা পুথি ‘মোৰ দেশ, মোৰ প্ৰেমৰ কবিতা’ প্ৰকাশ হয় ১৯৭২ চনত ৷ তেখেতৰ মুঠ ১৩খন অসমীয়া ভাষাত কবিতা পুথি প্ৰকাশ পাইছে আৰু লগতে বঙালী ভাষাত ২ খনকৈ কবিতা পুথি অনুদিত হৈছে। তেখেতৰ উল্লেখযোগ্য সাহিত্যকৰ্ম সমূহ হৈছ তোমাৰ গান (১৯৭২), বিভিন্ন দিনৰ কবিতা (১৯৭৪), কবিতাৰ ৰ’দ (১৯৭৬), সুগন্ধি পখিলা (১৯৮১), শইচৰ পথাৰ মানুহ(১৯৯১), মোৰ প্ৰিয় বৰ্ণমালা, ভালপোৱাৰ বোকা মাটি ৷