Saturday, July 5, 2025
Homeঅসমঅসমত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

অসমত উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়

ডিজিটেল ডেস্ক anews24x7: গুৱাহাটীত দেশৰ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড় ৷ তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-গুৱাহাটী (আইআইটি-জি)ৰ ২৫ সংখ্যক সমাৱৰ্তনঅনুষ্ঠানত অংশগ্ৰহণ কৰে।

আই আই টি গুৱাহাটীৰ দুটাকৈ অনুষ্ঠানত অংশগ্ৰহণ কৰে উপ–ৰাষ্ট্ৰপতিগৰাকীয়ে। আজি পুৱাই বিমানযোগে গুৱাহাটীত উপস্থিত হয় ধনখড়। বিমানবন্দৰত উপ–ৰাষ্ট্ৰপতিক উষ্ম আদৰণি জনায় ৰাজ্যপাল গোলাব চান্দ কাটাৰিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সাংসদ কুইন ওজা, মন্ত্ৰী অতুল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মেয়ৰ মৃগেন শৰণীয়াৰ লগতে আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে।

বিমানবন্দৰৰ পৰা উপ–ৰাষ্ট্ৰপতিগৰাকী ৰাওনা হয় শক্তিপীঠ কামাখ্যালৈ। শক্তিপীঠত মা কামাখ্যাৰ আশিস লৈ আই আই টি গুৱাহাটীলৈ ৰাওনা হয় উপ–ৰাষ্ট্ৰপতি ধনখড়।

মুখ্যমন্ত্ৰীৰ হৃদয়ত অসম আছে, তেওঁ কৰা কৰ্তব্যসমূহ অনুকৰণৰ যোগ্য। IIT গুৱাহাটীৰ দীক্ষান্ত সমাৱৰ্তন কাৰ্যসূচীত মুখ্যমন্ত্ৰীক লৈ উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়েৰ মন্তব্য কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments