Thursday, November 7, 2024
Homeঅসম'মিঞা গিৰি নহয় ,পথাৰত অসমীয়া গিৰি'

‘মিঞা গিৰি নহয় ,পথাৰত অসমীয়া গিৰি’

চন্দন কৰ্মকাৰ, গোলাঘাট: এইবাৰ কৃষি বিপ্লৱৰ সূচনা সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনৰ। পথাৰত নামি কঠিয়া ৰোপণ খোদ বিধায়কৰ । মিঞা গিৰি নহয় ,পথাৰত অসমীয়া গিৰি ।

গোলাঘাট জিলাৰ মৰঙিৰ ৰামধেনু বহুমুখী সমবায় সমিতিৰ কৃষি পথাৰৰ দৃশ্য এইয়া । এইবাৰ সৰুপথাৰ সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন নিজে পথাৰত নামিল উন্নত জাতৰ কৃষি বীজ ৰোপণৰ বাবে। খুমটাই কৃষি গৱেষণা কেন্দ্ৰৰ সহযোগত বিজ্ঞানসন্মত আৰু যান্ত্ৰিক পদ্ধতিৰে পথাৰত কঠিয়া ৰোপণত নামিল বিধায়ক ফুকন ।‌

আজিৰ দিনটোতে প্ৰায় পঞ্চাশ বিঘা মাটিত উন্নত জাতৰ বীজ ৰোপণৰ আঁচনিৰ কাম শুভাৰম্ভ কৰে । বৃহৎ অঞ্চলৰ কৃষক ৰাইজক উৎসাহ যোগাবৰ বাবেই বোকাময় পথাৰত মেচিনৰ জৰিয়তে বীজ ৰোপণৰ কামত নামিল বিধায়ক ফুকন ।

ইয়াৰ জৰিয়তে পথাৰত এতিয়া মিঞাগিৰি নহয় অসমীয়া গিৰি সৃষ্টি হোৱাৰ সন্দৰ্ভতো নতুন দিগন্তৰ উদয় হ’ব বুলি আশা কৰা হৈছে। বিজ্ঞানসন্মত ভাৱে কৃষিকাৰ্যত নিয়োজিত হৈ অসমীয়া যুৱক স্বাৱলম্বী হ’ব বুলিও আশা প্ৰকাশ বিধায়ক ফুকনৰ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments