পুলক শইকীয়া, মাজুলি:এম ভি লোহিত নামৰ ফেৰী আৱদ্ধ ব্ৰহ্মপুত্ৰত। পুৱা ৯-৩০ বজাত নিমাতীৰ পৰা কমলাবাৰী ঘাটলৈ আহিছিল ফেৰী খন ॥
কমলাবাৰী ঘাটৰ সমীপত ব্ৰহ্মপুত্ৰত আবদ্ধ ফেৰীখন ॥ ফেৰীখনত ৬৩ জন যাত্ৰী , ১৯ খন দুচকীয়া বাহন আৰু ২ কুইণ্টল সামগ্ৰী আছে ॥ SDRF এ উদ্ধাৰ অভিযান চলাইছে ॥ বানৰ পাছতে ফেৰীৰ পথত বালি পেলোৱাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে ॥