ডিজিটেল ডেস্ক, anews24x7: প্ৰথমে ৰাজস্থান তাৰ পিছত মণিপুৰ। শুকুৰবাৰে পুৱা এঘণ্টাৰ ভিতৰতে কঁপাইছিল দেশৰ পশ্চিম আৰু পূব প্ৰান্ত। ৰাজস্থানৰ জয়পুৰত পুৱা প্ৰায় ৪ বজাত কেইমিনিটমানৰ ভিতৰতে তিনিটাকৈ ভূমিকম্পৰ সৃষ্টি হয়। ইয়াৰ কিছু সময়ৰ পাছতে পুৱা প্ৰায় ৫ বজাত মণিপুৰৰ উখৰুলত ভূমিকম্পৰ সৃষ্টি হয়। অৱশ্যে ৰাজস্থান বা মণিপুৰত এই ভূমিকম্পত কোনো বৃহৎ ক্ষতি হোৱা নাই বুলি খবৰ পোৱা গৈছে। ৰাজস্থানত একেৰাহে তিনিটাকৈ ভূমিকম্পৰ ফলত আতংকিত হৈ পৰিছে মৰুষহাৰৰ বাসিন্দাসকল।
শুকুৰবাৰে পুৱা ৪:০৯ বজাত জয়পুৰত প্ৰথমটো ভূমিকম্প অনুভৱ কৰা হয়। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজিৰ তথ্য অনুসৰি প্ৰথমটো ভূমিকম্পৰ গতি ৰিখটাৰ স্কেলত ৪.৪। ভূ-পৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ দৈৰ্ঘ্যত কম্পনৰ উৎস। ইয়াৰ পিছত ৪.২২ মিনিটত দ্বিতীয়বাৰৰ বাবে কঁপনি আহে। যাৰ পৰিমাণ আছিল ৰিখটাৰ স্কেলত ৩.১। কেন্দ্ৰটো আছিল ৫ কিলোমিটাৰ তলত। তৃতীয়টো কম্পনটোও ১০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰীভূত হৈছিল। পুৱা ৪:২৫ বজাত ৰিখটাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৪।
ইয়াৰ পিছত পুৱা ৫:০০ বজাত দেশৰ উত্তৰ-পূব ৰাজ্য মণিপুৰ জোকাৰি গ’ল। উখুৰুলৰ ভূপৃষ্ঠৰ পৰা ২০ কিলোমিটাৰ তলত আছিল এই ভয়ংকৰ কেন্দ্ৰ। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.৫।