Wednesday, March 11, 2026
Homeঅসমধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰক জে'ললৈ প্ৰেৰণ

ধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু মৃণালকান্তি সৰকাৰক জে’ললৈ প্ৰেৰণ

ডিজিটেল ডেস্ক, ANEWS24X7: জে’ললৈ প্ৰেৰণ ধুবুৰীৰ দুই ঘোচখোৰ বিষয়াক। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ২ বিষয়াক। ধুবুৰী জিলা পৰিষদৰ CEO বিশ্বজিৎ গোস্বামী আৰু কৰ্মচাৰী মৃণালকান্তি সৰকাৰক জে’ললৈ প্ৰেৰণ।

২৪ জুলাইত পুনৰ CJM আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ। আদালতত হাজিৰ নকৰা পৰ্যন্ত কেন্দ্ৰীয় কাৰাগাৰতে ৰখা হ’ব দুই অভিযুক্তক। উৎকোচ লৈ গ্ৰেপ্তাৰ হৈছিল CEO বিশ্বজিৎ গোস্বামী। 

অসম চৰকাৰৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী শাখাৰ ৫ জনীয়া দলে চলোৱা এক অভিযানত বিশ্বজিৎ গোস্বামীৰ পত্নীৰ নামত থকা ফ্লেটৰ পৰা ২,৩২,৮৫,৩০০ টকা উদ্ধাৰ কৰিছে। ভিজিলেঞ্চৰ এই অভিযানত বিশ্বজিতৰ সম্পত্তি ১১টা স্থানত থকাৰ লগতে গুৱাহাটীতো এটা বিশাল সম্পত্তি থকাৰ তথ্য পোহৰলৈ আহিছে। গুৱাহাটীত বিশাল অট্টালিকা নিৰ্মাণ কৰি থকা হৈছে। বৰ্তমান ভিজিলেঞ্চে বিশ্বজিৎ গোস্বামীৰ ৬টা বেংক একাউণ্ট জব্দ কৰিছে।

SP সিংহৰাম মেধিৰ নেতৃত্বত ভিজিলেঞ্চে চলোৱা এই অভিযানত ৩০ হেজাৰ টকা কমিছন লোৱাৰ সময়তে বিষয়া দুজনক হাতে লোটে ধৰা পেলায়। কেলকুলেটৰ মেন হিচাপে কুখ্যাত CEO বিশ্বজিৎ গোস্বামীয়ে ধুবুৰীৰ ZPCত দুবছৰ ধৰি লুণ্ঠন চলাইছিল। জানিব পৰা মতে, বিগত দুটা বছৰে ধুবুৰী জিলা পৰিষদৰ কাৰ্যালয়ত কোটি কোটি টকাৰ দুৰ্নীতি সংঘটিত কৰি নামে বেনামে অগাধ সম্পত্তিৰ গৰাকী হৈছে। লগতে কাৰ্যালয়টোত বিভিন্ন কাম কাজৰ বাবদ আগধন হিচাবে লৈ CEO বিশ্বজিৎ গোস্বামীয়ে আঁচনি আবণ্টন কৰাৰো অভিযোগ উত্থাপন হৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments