Sunday, July 6, 2025
Homeউত্তৰ-পূৱজুই জ্বলিয়েই আছে মণিপুৰত, চুৰাচান্দপুৰ জিলাত হিংসাত্মক সংঘৰ্ষ

জুই জ্বলিয়েই আছে মণিপুৰত, চুৰাচান্দপুৰ জিলাত হিংসাত্মক সংঘৰ্ষ

ডিজিটেল ডেস্ক, ANEWS24X7: মণিপুৰৰ চুৰাচান্দপুৰ জিলাত বৃহস্পতিবাৰে পুৱা দুটা গোটৰ মাজত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় আৰু দুয়োপক্ষৰ পৰা গুলীচালনাৰ খবৰ পোৱা গৈছে।

খবৰ অনুসৰি গুলীচালনাৰ সময়ত দুজন গাঁও প্ৰতিৰক্ষা স্বেচ্ছাসেৱক গুলীত আহত হোৱাৰ খবৰ পোৱা গৈছে যদিও এতিয়াও তেওঁলোকৰ অৱস্থাৰ কোনো আনুষ্ঠানিক নিশ্চয়তা পোৱা হোৱা নাই।

মণিপুৰৰ সামগ্ৰিক পৰিস্থিতি উত্তেজনা আৰু অস্থিৰ হৈয়ে আছে। আজিৰ ঘটনাৰ মাত্ৰ দুদিন পূৰ্বে ২৫ জুলাইত কাংপকপি জিলাত নিৰাপত্তা বাহিনীয়ে কৰ্মী পৰিবহণৰ বাবে ব্যৱহাৰ কৰা দুখন বাছত অগ্নিসংযোগ সংঘটিত হৈছিল। মঙলবাৰে সন্ধিয়া ডিমাপুৰৰ পৰা বাছবোৰ উভতি অহাৰ সময়ত এই ঘটনা সংঘটিত হয় ছাপৰমেইনাত।

বিষয়াসকলৰ মতে, স্থানীয় লোকে মণিপুৰত পঞ্জীয়নভুক্ত বাছসমূহ চাপৰমেইনাত ৰখাই দিয়ে, আৰু তেওঁলোকে আন এটা সম্প্ৰদায়ৰ কোনো সদস্য বাছখনত আছে নে নাই পৰীক্ষা কৰিবলৈ জোৰ দিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments