Thursday, November 7, 2024
Homeঅসমঅসমৰ সৌন্দৰ্য্য সমৃদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ‘অমৃত বৃক্ষ আন্দোলন’ এপ

অসমৰ সৌন্দৰ্য্য সমৃদ্ধ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে ‘অমৃত বৃক্ষ আন্দোলন’ এপ

ডিজিটেল ডেস্ক, anews24x7: অসমৰ সৌন্দৰ্য সমৃদ্ধ কৰাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াৰ লক্ষ্যৰে বুধবাৰে গুৱাহাটীৰ দিছপুৰ অঞ্চলৰ জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানৰ সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ‘অমৃত বৃক্ষ আন্দোলন’ নামেৰে এটা পৰ্টেল মুকলি কৰে।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী শৰ্মাই কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত জাতি প্ৰগতিৰ পথত আগবাঢ়িছে। প্ৰধানমন্ত্ৰীৰ মতাদৰ্শৰ পৰা অনুপ্ৰাণিত হৈ ৰাজ্য চৰকাৰে এই কাৰ্যসূচী গ্ৰহণ কৰিছে যাৰ ফলত ৰাজ্যৰ কৃষকসকল উপকৃত হ’ব।”

১৭ ছেপ্টেম্বৰত আত্মসহায়ক গোট, ফ্ৰণ্ট লাইন কৰ্মী, শিক্ষানুষ্ঠান আৰু চৰকাৰী বিষয়াই ৩ ঘণ্টাত চন্দন, চেগুন আৰু চালকে ধৰি ব্যৱসায়িকভাৱে উপযোগী ১ কোটি নমুনা ৰোপণ কৰিব বুলি অভিলেখ বহীত স্থান লাভৰ লক্ষ্যৰে ৰোপণ কৰিব বুলিমন্ত্ৰীগৰাকীয়ে অৱগত কৰে।

তেওঁ কয়, “১ কোটি বাণিজ্যিক গছপুলি ৰোপণ কৰিলে ৰাজ্যত জৈৱ বৈচিত্ৰ্য বৃদ্ধি পাব আৰু এই কাৰ্যসূচীৰ জৰিয়তে ৰাজ্যখন আৰ্থিকভাৱে উন্নত হ’ব।”

তেওঁ লগতে কয়, ‘ঘৰৰ চৌহদত পকী বেৰৰ পৰিৱৰ্তে বায়’-ফেন্সিঙৰ ব্যৱস্থা কৰি ৰাজহুৱা কাম বিভাগে এই ক্ষেত্ৰত বিশেষ উদ্যোগ ল’ব পাৰে।

মুখ্যমন্ত্রীয়ে আৰু অৱগত কৰে যে বন বিভাগৰ পৰা কোনো অনুমতি নোলোৱাকৈ পূৰ্ণবয়স্ক গছপুলি ব্যৱসায়িকভাৱে বিক্ৰী কৰিব পৰা যাব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments