Tuesday, July 8, 2025
Homeৰাজনৈতিকপ্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা

ডিজিটেল ডেস্ক, anews24x7:প্ৰকাশ পালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা। খচৰাৰ কিছু সাল-সলনি কৰি প্ৰকাশ কৰা হৈছে তালিকাখন। ১৯টা বিধানসভা সমষ্টিৰ নাম সলনি। বিধানসভাৰ সমষ্টিৰ ক্ষেত্ৰতো আহিছে ব্যাপক পৰিৱৰ্তন। গঠন কৰা হৈছে দুটাকৈ নতুন লোকসভা সমষ্টি।

কোন সমষ্টিৰ কি নাম?

মানিকপুৰ সমষ্টিৰ নতুন নাম হ’ব সৃজনগাম

মানকাচৰ সমষ্টিৰ নতুন নাম বীৰছিং জাৰোৱা সমষ্টি।

ৰূপসী সমষ্টিৰ নাম পাকা বেটবাৰী সমষ্টি।

দক্ষিণ শালমাৰাৰ নতুন নাম হ’ব মানকাচৰ।

ভৱানীপুৰ সমষ্টিৰ নাম হ’ব ভৱানীপুৰ সৰভোগ সমষ্টি।

বকো সমষ্টিৰ নতুন নাম বকো-ছয়গাঁও (ST)।

হাজো (SC) নতুন নাম হ’ব হাজো-শুৱালকুছি।

গোৱৰ্ধনা সমষ্টিৰ নতুন নাম হ’ব মানস।

বটদ্ৰৱা সমষ্টিৰ নতুন নাম হ’ব ধিং।

নগাঁও সমষ্টিৰ নতুন নাম হ’ব নগাঁও বটদ্ৰৱা।

চতিয়া সমষ্টিৰ নতুন নাম হ’ব নদুৱাৰ।

চাবুৱা সমষ্টিৰ নতুন নাম হ’ব লাহোৱাল।

মৰাণ সমষ্টিৰ নতুন নাম হ’ব খোৱাং।

ডিমা হাচাও সমষ্টিৰ (ST) নতুন নাম হ’ব হাফলং।

আলগাপুৰ সমষ্টিৰ নতুন নাম হ’ব আলগাপুৰ-কাটলিছেড়া।

বদৰপুৰ সমষ্টিৰ নতুন নাম হ’ব উত্তৰ কৰিমগঞ্জ।

উত্তৰ কৰিমগঞ্জ সমষ্টিৰ নতুন নাম হ’ব দক্ষিণ কৰিমগঞ্জ।

ৰাতাবাৰী সমষ্টিৰ (SC) নতুন নাম হ’ব ৰামকৃষ্ণ নগৰ।

দৰং লোকসভা সমষ্টিৰ নাম সলনি। দৰং-ওদালগুৰি নামেৰে পৰিগণিত হ’ব সমষ্টিটো।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments