Wednesday, March 11, 2026
HomeঅসমI.N.D.I.A ৰ কোনো প্ৰভাৱ নপৰে: প্ৰমোদ বড়ো

I.N.D.I.A ৰ কোনো প্ৰভাৱ নপৰে: প্ৰমোদ বড়ো

ডিজিটেল ডেস্ক, ANEWS24X7:সমষ্টি পুণৰ নিৰ্ধাৰণৰ চুড়ান্ত খছৰাক লৈ বিটিচি প্ৰধান প্ৰমোদ বড়োৰ সংবাদমেল। চুড়ান্ত খছৰাক লৈ প্ৰতিক্ৰিয়া প্ৰমোদ বড়োৰ । 

বিটিআৰত ১৫ টা সমষ্টি অন্তৰ্ভূক্তিকৰণত লৈ সন্তুষ্টি প্ৰকাশ । ইউপিপিএল দলে কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰাৰ্থী দিব । মঙ্গলদৈ -ওদালগুৰী লোকসভা সমষ্টিত বিজেপিয়ে প্ৰাৰ্থী দিব । অৱশ্যে দুয়োটা বিষয় লৈ মিত্ৰদলৰ মাজত কোনো ধৰণৰ আলোচনা হোৱা নাই । 

ইউপিপিএলৰ দলৰ মাজতো এইবিষয়ে কোনো আলোচনা হোৱা নাই । হিমন্ত বিশ্ব শৰ্মা থকালৈকে অসমত বেছি নিৰ্বাচনী প্ৰচাৰ কৰিব নালাগিব । উত্তৰ পূবৰ সকলো কথা হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত নিৰ্ভৰ কৰে । মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শাসনৰ সময়ছোৱা সোণালী যুগ । 

 I.N.D.I.A ৰ কোনো প্ৰভাৱ নপৰে । বিটিআৰত ১৫ টা বিধানসভা সমষ্টি হোৱাৰ বাবে উন্নয়ন ত্বৰাম্বিত হ’ব। স্বায়ত্বশাসিত এলেকাত অনুসূচিত জনজাতিৰ বাবে অধিক সমষ্টি সংৰক্ষণ হ’ব লাগে । চুড়ান্ত খছৰাখন এতিয়াও সম্পূৰ্ণভাৱে অধ্যায়ন কৰিব বাকী আছে ।অধ্যায়ন সম্পূৰ্ণ হলেই সকলো জনাম । খছৰাখনে ৰাইজৰ চিন্তাধাৰাক প্ৰতিফলিত কৰিছে নে নাই , ৰাইজৰ ওজৰ -আপত্তি কিমান শতাংশ মানি লৈছে সেয়া অধ্যায়নৰ পিছত হে গম পোৱা যাব । 

বহু সমষ্টিৰ নাম দুটা দুটা দেখিবলৈ পোৱা গৈছে , এয়া হয়তো আৱেগ জড়িত থকাৰ বাবে তেনেকৈ ৰাখিছে। বিধায়কসকলক নিজ সমষ্টি উন্নয়ন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বহুত সুবিধা দিছে । সকলোৰে দাবী থাকে , আশা থাকে , ৰাইজৰ স্বাৰ্থক লৈ আগবাঢ়ি যাব লাগিব । ওদালগুৰী লোকসভা সমষ্টি গঠনৰ দাবীটো সদায়ে থাকিব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments