ডিজিটেল ডেস্ক, ANEWS24X7: ধুবুৰী জিলাৰ বালাজানত বলে’ৰ পিকআপ সহ গৰু জব্দ কৰে আৰক্ষীয়ে ।বালাজানৰ আৰক্ষীয়ে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা বলে’ৰ পিকআপ সহ ১২ টা গৰু জব্দ কৰে ।
বলে’ৰ পিকআপ খনৰ ফলৰ কাৰ্টুনৰ তলৰ লুকুৱাই গৰু কেইটা লুকুৱাই আনিছিল চোৰাং বেপাৰী । চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ পৰা ভিতৰুৱা পথ হৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৌৰীপুৰ অভিমূখে গৈ আছিল বলে’ৰ পিকআপ খন । বাংলাদেশলৈ চোৰাং সৰবৰাহ কৰাৰ উদ্দেশ্যে নি থকা হৈছিল গৰু কেইটা ।
এক গোপন সূত্ৰৰ পম খেদি গোলকগঞ্জৰ আৰক্ষীৰ যান বাহন শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া মন্টু বৈশ্যৰ নেতৃত্বত আৰক্ষীৰ এটি দলে গোলকগঞ্জৰ নান্দিনীপাৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীপুৰ অভিমুখী তীব্ৰ বেগী WB 63 B 3947 নম্বৰৰ বলে’ৰ পিকআপ এখনক ৰখাবলৈ নিৰ্দেশ দিছিল।
কিন্ত গাড়ী খন তীব্ৰ বেগত গৌৰীপুৰ অভিমুখে গতি কৰে। আৰক্ষীয়ে পিছে পিছে খেদি গৈ বালাজান আৰক্ষীৰ সহায়ত গাড়ীখন আটক কৰিবলৈ সক্ষম হয়। যদিও চালক জন দৌৰি পলায়ন কৰে। পিছত গাড়ীখনত তালাচী চলোৱাত ফলৰ কাৰ্টুনৰ তলৰ লুকুৱাই অনা ১২ টাকৈ গৰু উদ্ধাৰ কৰে।
