Saturday, March 14, 2026
HomeঅসমUPPLক কেনেকৈ বিশ্বাস কৰিব?

UPPLক কেনেকৈ বিশ্বাস কৰিব?

  1. কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ বিস্ফোৰণ ।
  2. বিপিএফ -ইউপিপিএলৰ আলোচনা সন্দৰ্ভত “চিচিংফাক” কৰিলে হাগ্ৰামা মহিলাৰীয়ে ।
  3. বিপিএফ ইউপিপিএলে লগ লাগি বিজেপিক কেনেকৈ OUT কৰিব পাৰি তাৰহে আলোচনা হৈছে আৰু হৈ আছে ।
  4. বিপিএফ -ইউপিপিএল একেলগে কাম কৰিব লাগে, বিজেপিক আউট কৰিব লাগে _এইটোৱেই ইউপিপিএলৰ এজেণ্ডা ।
  5. বিজেপিৰ মিত্ৰদল ইউপিপিএলে বিজেপিকে আউট কৰাৰ গোপন এজেণ্ডা হাগ্ৰামা মহিলাৰীয়ে ফাদিল কৰাত তীব্ৰ চাঞ্চল্য আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
  6. হাগ্ৰামা মহিলাৰীয়ে কয় _ ইউপিপিএলৰ এজেণ্ডা হ’ল বিজেপিক আউট কৰা কিন্তু আলোচনা সন্দৰ্ভত বাহিৰত ইউপিপিএলে প্ৰচাৰ চলাইছে যে বিপিএফ – ইউপিপিএলৰ মিত্ৰতাৰ ফলত হাগ্ৰামা মহিলাৰী কেবিনেট মন্ত্ৰী হ’ব আৰু প্ৰমোদ বড়ো চীফ হ’ব ।
  7. এইবোৰ অপপ্ৰচাৰ , ২০২৫ চনত বিপিএফে অকলে নিৰ্বাচন খেলিব আৰু নিৰংকুষ সংখ্যাগৰিষ্ঠতা লাভ কৰিব ।
  8. ইউপিপিএলৰ যদি বিপিএফৰ সতে আলোচনা কৰিবৰ মন আছে তেতিয়াহলে চৰকাৰ এৰি আলোচনাত বহক, তেতিয়া হে বিশ্বাস কৰিম ।
  9. ইউপিপিএলে বিপিএফৰ সতে আলোচনা কৰে কিবা আৰু বাহিৰত আহি আন কিবা এটা কয় ।
  10. উল্লেখ্য যে আজি কোকৰাঝাৰ জিলা বিপিএফৰ ত্ৰিবাৰ্ষিক অধিবেশন জিলাখনৰ আফলাগাঁৱত অনুষ্ঠিত হৈছে । উক্ত সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী তথা বিপিএফ দলৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে সংবাদমাধ্যমৰ আগত উক্ত মন্তব্য প্ৰকাশ কৰিছে ।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments