Friday, November 8, 2024
Homeৰাশিফলকোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

কোন ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো শুভ

মেষ ৰাশি ফলাফল
আজি ফুৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। অনাকাংক্ষিত ভাৱে নতুন উৎসৰ পৰা আপোনাৰ ধন লাভ হব আৰু দিনটো বহুত ভাল ভাৱে আপোনাৰ অতিবাহিত হব। সন্ধিয়াৰ সময়ত সামাজিক গতিবিধি তাতকৈ বহুত ভাল হব,যেনেকুৱা আপুনি আশা কৰিছিল। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজি দিনটো ব্যস্ত ৰাখিব। অধিবক্তাৰ ওচৰলৈ গৈ আপুনি আইনী পৰামৰ্শ লোৱাৰ বাবে আজি বহুত ভাল দিন । পাৰিবাৰিক বিবাদৰ বাবে আজি আপোনাৰ বৈবাহিক জীৱন বহুত প্ৰভাৱিত হব পাৰে। সপ্তাহত ছুটিৰ দিনাখন অফিচৰ বছৰ নাম নিজৰ মোবাইলত দেখিলে কাৰ বাৰু ভাল লাগিব ? কিন্তু এই সপ্তাহত আপোনাৰ লগত এনেকুৱাই কিবা হব পাৰে।
বৃষ ৰাশি ফলাফল
আপোনাৰ ধনাত্মক ব্যৱহাৰ আৰু আত্মবিশ্বাস ৰ বাবে ওচৰ পাজৰৰ লোকসমূহ বহুত প্ৰভাৱিত হব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে ,যাক সমাধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কৰোবাৰ পৰা উপদেশ লব পাৰে। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। চন্দ্ৰমাৰ স্থিতিক লক্ষ্য কৰি ক’ব পাৰি যে আজি আপোনাৰ বহুত খালী সময় হাতত থাকিব কিন্তু তথাপিও আপুনি সেই কাম কৰিব নোৱাৰিব যি আপুনি কৰিব বিচাৰিছিল। জীৱন সংগীৰ লগত অলপ হাঁহি -খিকিন্দালি ,অলপ ধেমালিয়ে আপোনাৰ কৈশোৰৰ স্মৃতি ঘুৰাই অনাত সক্ষম হব। আজি আপোনাৰ আত্ম বিশ্বাস দুৰ্বল হব পাৰে। ইয়াৰ কাৰণ হ’ল আপোনাৰ দুৰ্বল ৰুটিন।
মিথুন ৰাশি ফলাফল
নিজকে সদায় উৎসাহী কৰাই ৰাখিবৰ বাবে নিজৰ কল্পনাসমূহত ধুনীয়া আৰু উৎসাহী ছবি বনাই ৰাখক। যিসকল লোক দুগ্ধ উদ্যোগ ৰ লগত জড়িত সিহতৰ আজি আৰ্থিক লাভৰ প্ৰবল সম্ভাৱনা আছে। আপোনাক সুখী ৰাখিবৰ বাবে আপোনাৰ সন্তান যিকোনো কাম কৰিব পাৰে। আপোনাৰ প্ৰিয়জনৰ মন বেয়া হোৱা স্বত্বেও তেখেতক নিজৰ প্ৰেমৰ অনুধাৱন কৰাই থাকক। সামাজিক আৰু ধাৰ্মিক অনুষ্ঠানৰ বাবে আজি এক বহুত শুভ দিন। আত্মত্মীয় সমূহক লৈ আজি আপোনাৰ আৰু জীৱন সংগীৰ মাজত কাজিয়া হোৱাৰ সম্ভাৱনা আছে। আপোনাৰ শক্তি আজি বিনাকাৰণৰ কামত খৰচ হ’ব পাৰে। জীৱন ভালকৈ জীয়াব বিচাৰিছে যদি সময় সূচী মানি চলক।
কৰ্কট ৰাশি ফলাফল
আজি আপোনাৰ আত্ম-বিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হব। কোনোবা ঘনিষ্ঠ বন্ধুৰ সহায়ত আজি ব্যৱসায়ত বহুত পৰিমান লাভৰ আশা আছে আৰু এই ধন আপোনাৰ বহুতো অসুবিধা দূৰ কৰিব পাৰে। যদি আপুনি আপোনাৰ ঘৰুৱা দায়িত্ব সমূহক নেদেখাৰ ভাও জোৰে তেন্তে কিছুমান এনেকুৱা লোক আপোনাক খঙ কৰিব পাৰে যি সকল আপোনাৰ লগত একেলগে বাস কৰে। আপোনাৰ প্ৰেম এক নতুন স্তৰ লাভ কৰিব , দিনৰ আৰম্ভণি হব আপোনাৰ প্ৰিয়জনৰ এক হাহিঁদি আৰু ৰাতিৰ সমাপ্ত হব এই সপোনেদি । সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপোনাৰ নিজৰ জীৱনসংগীৰ লগত এক হতাশাপূৰ্ণ সম্পৰ্ক থাকিব পাৰে , যিমান দূৰ সম্ভৱ কথা আগ বাঢ়িব নিদিব। বন্ধুৰ সহায় কৰি আজি আপুনি ভাল অনুভৱ কৰিব।
সিংহ ৰাশি ফলাফল
কোনোবা সন্ত পুৰুষৰ আশীৰ্বাদে আপোনাৰ মনত মানসিক শান্তি প্ৰদান কৰিব। আপোনাৰ ধন তেতিয়া হে আপোনাৰ কামত আহিব যেতিয়া আপুনি সেই ধন জমা কৰি ৰাখিব , এই কথা টো ভাল দৰে জানি লওক নহলে আহিব লগীয়া সময়ত আপুনি অনুতাপ কৰিবলগীয়া হব পাৰে। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপুনি নিজৰ ফালৰ পৰা সকলোতকৈ ভাল ব্যৱহাৰ কৰাৰ প্ৰয়োজন আছে-কাৰণ আজি আপোনাৰ প্ৰিয়জন বহুত সোনকালে খঙ কৰিব পাৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয় সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। বৈবাহিক জীৱনত বস্তুবোৰ হাতৰ পৰা বাহিৰ হোৱা যেন অনুভৱ হব। আজি আপোনাৰ সন্তানৰ লগত সময় অতিবাহিত কৰি কিছু সন্তুষ্টিৰে ভৰা সময় পাৰ কৰক।
কন্যা ৰাশি ফলাফল
ঘৰুৱা সমস্যা আপোনাক মানসিক অশান্তি দিব পাৰে। আৰ্থিক দৃষ্টিৰ পিনেদি চাব গলে আপোনাৰ আজিৰ দিনটো ঠিক ঠাক যাব । আজি আপোনাৰ ধন লাভ হব কিন্তু ইয়াৰ বাবে কষ্ট অপৰিহাৰ্য। পৰিয়ালত এক নতুন সদস্যৰ অহাৰ খবৰে আপোনাক নথৈ আনন্দিত কৰি তুলিব ,সমাৰোহ আয়োজিত কৰি আপুনি এই সুখৰ বতৰা সকলোৰে লগত ভগাব বিচাৰিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। ছাত্ৰৰ মূৰত আজি প্ৰেমৰ ভূত লম্ভিব পাৰে আৰু এইবাবে সিহতৰ বহুত সময় লোকচান হব পাৰে। এইটো কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা ,কিন্তু আজিৰ দিনা বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। দিনৰ আৰম্ভণিতেই আজি এটা বেয়া খবৰ পাব পাৰে যাৰ বাবে আপোনাৰ গোটেই দিন বেয়া যাব পাৰে। আজি নিজৰ মনক নিয়ন্ত্ৰণ কৰা শিকক।
তুলা ৰাশি ফলাফল
ৰক্তচাপ থকা ৰোগীবোৰে অনুগ্ৰহ কৰি নিজৰ যত্ন লোৱা আৰম্ভ কৰক আৰু আপুনি ঔষধ গ্ৰহণ কৰাৰ আৱশ্যক আছে আৰু আপুনি ৰেড ৱাইন গ্ৰহণ কৰিলেও বহুত আৰাম পাব, লগতে আপোনাৰ কলেষ্ট্ৰলো নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক,এনেকুৱা কৰাটো আপোনাৰ বাবে অধিক লাভদায়ক বুলি পৰিগণিত হ’ব। কোনোবা নিকতৱৰ্তী আত্মীয়ৰ সহায়ত ব্যৱসায়ত উন্নতি হোৱাৰ আশাংকা আছে যাৰ ফলত আপোনাৰ ধন লাভ হব। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হব পাৰে। প্ৰেম সন্দৰ্ভত সোনকালে কোনো নিৰ্ণয় নল’ব। আজি আপুনিি নতুন চিন্তা ধাৰা ৰে পৰিপূৰ্ণ হব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব ,তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। জীৱন সংগীৰ স্বাস্থ্য আজি অলপ বেয়াৰ ফালে ঢাল খাব পাৰে। জীৱনৰ সোৱাদ অকল সোৱাদভৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক’ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব।
বৃশ্চিক ৰাশি ফলাফল
কোনোবা সন্ত অথবা সজ্জন পুৰুষৰ নৈতিক কথা আপোনাক সন্তুষ্টি আৰু মোক্স প্ৰাপ্ত কৰিব। আপুনি আজি নিজৰ জীবন সাথীৰ লগত আলোচনা কৰি ভৱিষ্যতৰ আৰ্থিক যোজনা বনাব পাৰে আৰু আশা কৰা হৈছে যে এই যোজনা সফল হব। আপোনাৰ সন্তানৰ পুৰস্কাৰ বিতৰণ সমাৰোহত পোৱা নিমন্ত্ৰণে আপোনাক এক সুখৰ অনুভুতি প্ৰদান কৰিব। তাই/সি আপোনাৰ আশা-আকাংক্ষাৰ ওপৰত থিয় হব আৰু আপোনাৰ জৰিয়তে আপোনাৰ সপোন দিঠকত পৰিণত হোৱা দেখিব। যদি আপুনি আজি নিজৰ অনুভৱ তথা মনৰ ভাৱনা সমূহ প্ৰকাশ কৰে ,তেনেতে আপোনাৰ প্ৰেম এক দেৱদূতৰ ৰূপত আপোনাৰ সন্মূখত হাজিৰ হ’ব। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। বৈবাহিক জীৱনৰ বাবে এই দিন সচাকৈয়ে ভাল লগা হৈ পৰিব। দিবা সপোন দেখা ইমান এটা বেয়া কাম নহয়, ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ’ব।
ধনু ৰাশি ফলাফল
স্বাস্থ্য ভালে থাকিব। যি লোকসকলে অতীতত নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। আপুনি আপোনাৰ জীৱন সংগীৰ মতামতক অগ্ৰাহ্য কৰিব আৰু এইবাবে আপোনাৰ জীৱন-সংগী ধৈৰ্য হেৰুৱাই পেলাব পাৰে। প্ৰেমৰ অনুভূতি অনুভৱ কৰিবলৈ আপুনি কোনোবা নতুন ব্যক্তিক লগ পাব। আপোনাৰ বিশেষত্ব আৰু ভৱিষ্যতৰ পৰিকল্পনা সমূহৰ ওপৰত আকৌ এবাৰ বিবেচনা কৰাৰ এয়া সঠিক সময়। আজি আপুনি আৰু আপোনাৰ লগৰী প্ৰেম আৰু ভাল পোৱাৰ বাবে পৰ্যাপ্ত পৰিমাণে সময় লাভ কৰিব। ঠাণ্ডা পানী খোৱাটো আজি আপোনাৰ বাবে হানিকাৰক বুলি পৰিগণিত হব।
মকৰ ৰাশি ফলাফল
আলস্য জীবনত এক বিষৰ দৰে কাম কৰে সেইবাবে নিজকে কলাত্মক কামৰ লগত জড়িত কৰি ৰাখক আৰু এই বেমাৰৰ পৰা নিজকে উৎসাহিত কৰি ৰাখক। ভৱিষ্যতলৈ যাতে আপোনাৰ আৰ্থিক অৱস্থা আৰু শক্তিশালী হয় তাৰ বাবে এতিয়াৰ পৰাই ধন জমা কৰা আৰম্ভ কৰা উচিত। এক ঘনিষ্ঠ আত্মীয় নিজৰ বাবে আপোনাৰ অধিক যতন লব, অৱশ্যে তেখেত বহুত সহায়কাৰী আৰু খবৰ লৈ থকা বিধৰ মানুহ হব। কোনোবা তৃতীয় ব্যক্তিৰ হস্তক্ষেপ আপোনাৰ আৰু প্ৰিয়জনৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ অতীতৰ লগত জড়িত কোনোবা ব্যক্তি আজি আপোনাৰ লগত সম্পৰ্ক স্থাপন কৰাৰ সম্ভাৱনা আছে আৰু যাৰ ফলত আজি দিনটো স্মৰণীয় হৈ যাব। কোনোবা বন্ধু অথবা ওচৰ- চুবুৰীয়া অথবা আত্মীয়ৰ বাবে আপোনাৰ বৈবাহিক জীৱনত বাক -বিতণ্ডতা হব পাৰে। পৰিয়াল জীৱনৰ এক অভিন্ন অংগ ,আজি নিজৰ পৰিয়ালৰ লগত ফুৰাৰ আনন্দ লব পাৰে।
কুম্ভ ৰাশি ফলাফল
যদি আপুনি পৰ্যাপ্ত পৰিমাণৰ বিশ্ৰাম নকৰেতেন্তে অপুনি বহু ভাগৰুৱা অনুভৱ কৰিব আৰু যাৰ ফলত আপোনাৰ বিশ্ৰাম কৰা সময়খিনি অধিকতৰ লব লাগিব। সম্পত্তিৰ লগত জড়িত লেন দেন সম্পুৰ্ণ হব আৰু লাভান্বিত হব। আপুনি আজি নিজৰ সন্তানৰ পৰা কিছু শিক্ষা লব পাৰে , সিহঁতৰ সহজ সৰল ব্যৱহাৰে ওচৰ পাজৰৰ লোকক স্নেহ আৰু উৎসাহ প্ৰদান কৰিব আৰু বেলেগৰ মাজত পৰিৱৰ্তন আনিব। অনাকাংক্ষিত ৰোমাণ্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব । যদি আপুনি চেষ্টা কৰে তেন্তে আপুনি নিজৰ জীৱনৰ লগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। আজি আপুনি সৰু ল’ৰা-ছোৱালীৰ লগত সৰু হৈ যাব ফলস্বৰূপে সৰুবোৰ গোটেই দিন আপোনাৰ লগত লাগি থাকিব।
মীন ৰাশি ফলাফল
মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণ সমূহ সমাধান কৰক। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হব। পূৰণি পৰিচিতৰ লগত মিলি-জুলি আৰু পূৰণি সম্বন্ধক আকৌ সতেজ কৰিবলৈ আজি বহুত ভাল দিন হয়। গোটেই বিশ্বব্ৰহ্মাণ্ডৰ শক্তি যেন আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ মাজত সোমাই আছে, কাৰণ প্ৰেমৰ অনুভূতি বোৰ এনেকুৱাই , আপুনিয়েই সেই ভাগ্যৱান যি এই অনুভৱ অনুভূতি লাভ কৰিছে। ব্যৱসায়িক কাৰণ জনিত যাত্ৰাই আপোনাক লাভজনক ফলাফল দিব পাৰে। সৰু সৰু কথাক লৈ আপোনাৰ আৰু জীৱন সংগীৰ মাজত চলি থকা বিবাদ আপোনাৰ বৈবাহিক জীৱন অধিক জটিল হৈ পৰিব পাৰে । সেইবাবে অন্যৰ কথা শুনি নিজৰ জীৱন টো দুৰ্বিসহ কৰি নেপেলাব। এই সপ্তাহত আপুনি বহুত কিবাকিবি কৰিব বিচাৰিব পাৰে ,কিন্তু যদি আপুনি কাম বোৰ পেলাই থয় তেন্তে নিজকে বেয়া লাগিবলৈ আৰম্ভ কৰিব।
RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments