চামগুৰি, ৭অক্টোবৰ: এসময়ৰ কংগ্ৰেছৰ দুৰ্গ স্বৰূপেখ্যাত চামগুৰিত উপ নিৰ্বাচনৰ ৰণডংকা বজালে বিজেপিয়ে। চামগুৰিৰ ভেলেউগুৰিত অনুষ্ঠিত পৃষ্ঠা প্ৰমুখ সন্মিলনত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা,কেবিনেট মন্ত্ৰী পীয়ুজ হাজৰিকা,বিমল বৰা,সাংসদ কামাখ্যা প্ৰসাদ তাছা,বিধায়ক জিতু গোস্বামী,চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী দীপ্লুৰঞ্জন শৰ্মা উপস্থিত থাকে। উক্ত সভাতেই চামগুৰি সমষ্টিৰ উপ নিৰ্বাচনৰ তত্বাৱধায়ক মন্ত্ৰী হিচাপে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মন্ত্ৰী বিমল বৰাক দায়িত্ব অৰ্পণ কৰে। দায়িত্ব লৈয়ে পূজাৰ পাছৰে পৰায়ে ৰাইজৰ মাজলৈ যাব মন্ত্ৰী বিমল বৰা।
চামগুৰিত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী গৰাকীৰ জয় নিশ্চিত,অসমত পাচঁখন আসনেই পাব ভাৰতীয় জনতা পাৰ্টীয়ে-ভৱেশ কলিতা।
কংগ্ৰেছ দল আভ্যন্তৰীণ কন্দলত জৰ্জৰিত, কংগ্ৰেছত কোনেও কাকো মান্য নকৰে-ভৱেশ কলিতা।
কংগ্ৰেছৰ মুখ্যমন্ত্ৰীকেন্দ্ৰিক সংঘাতৰে জৰ্জৰিত কংগ্ৰেছ, তেওঁলোকে সাংবাদিকক সন্মান কৰিবলৈ শিকিব লাগে-ভৱেশ কলিতা।
চৰকাৰ আৰ্থিক সংকটত ভুগিলে ইমানবোৰ আচঁনি নিদিলে হয়,কালি নিযুত মইনা আচঁনিৰ জৰিয়তে বহু ছাত্ৰী উপকৃত হৈছে–ভৱেশ কলিতা।
জনতাই পানী খাবলৈ পালে JJM ৰ ঠিকাদাৰে পইছাও পাব–ভৱেশ কলিতা।
————————————
উপ নিৰ্বাচনত চামগুৰিত বিজেপিৰ জয় নিশ্চিত,৫খন আসনেই দখল কৰিব বিজেপিয়ে–পীয়ুজ হাজৰিকা।
কংগ্ৰেছৰ মুখ্যমন্ত্ৰী প্ৰসংগত মন্তব্য পীয়ুজ হাজৰিকাৰ–চৰকাৰ হ’ব লাগিব তেতিয়াহে মুখ্যমন্ত্ৰীৰ প্ৰসংগ আহিব লগতে তেওঁলোকল নেতৃত্বৰ নিজৰেই স্থিতি সবল নহয়।
ভূপেন বৰা আৰু লুৰিণজ্যোতি গগৈয়ে নিজৰ সমষ্টি সলনি কৰাৰ সিদ্ধান্ত লৈছে,তেওঁলোকৰ নিজৰ জিকাৰেই ঠিক নাই,চৰকাৰ হোৱাৰ সপোন দেখি ভূপেন বৰাই আকাশত চাং পাতিছে–পীয়ুজ হাজৰিকা।
এটা নিৰ্বাচনতো জিকিব নোৱাৰি,জ্যোতিষীৰ কথা মতে বিৰোধী ঐক্য মঞ্চই নিজৰ নাম সলনিৰ সিদ্ধান্ত লৈছে-পীয়ুজ হাজৰিকা।
জয়ন্তৰ জেপত মানি বুলি ভূপেন বৰাই কৰা মন্তব্যৰ প্ৰসংগত ভূপেন বৰাই ৰাতিপুৱাই মিছা কথা কৈ পেপাৰৰ হেডলাইন দখল কৰে,মিছা কথা কোৱা আৰু অপ্ৰচাৰ কৰায়ে ভূপেন বৰাৰ কাম–পীয়ুজ হাজৰিকা।
——————————————-
প্ৰথমে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মনত অলপ সংশয় আছিল চামগুৰিক লৈ,আজি মাত্ৰ দুটা মণ্ডলৰ কাৰ্যকতাৰ যি উৎসাহ দেখিলো সেয়ায়ে চামগুৰিত জয় নিশ্চিত কৰিলে—বিমল বৰা।
জলজীৱনৰ ক্ষেত্ৰত চৰকাৰে যি সকলক ঠিকা আবণ্টন দিছিল তাৰ ক্ষেত্ৰত চৰকাৰ দায়বদ্ধ,তেওঁলোকে পাবলগীয়া প্ৰাপ্যখিনি চৰকাৰে ওভোটাই দিব–বিমল বৰা।