Friday, November 8, 2024
Homeঅসমএইবাৰ "ললিপপ" খাবলৈ বোকাখাত আহক

এইবাৰ “ললিপপ” খাবলৈ বোকাখাত আহক

বোকাখাত, ৭অক্টোবৰ:প্ৰাপ্ত বয়স্ক বয়সত “ললিপপ” চুপিবলৈ বাধ্য হল একাংশ ৰাইজ বোকাখাত ৰ ৰাজপথত।
আপুনি বাইক চলাঁওতে হেলমেট পৰিধান নকৰে নেকি ?
তেন্তে পূজাৰ বতৰত এইবাৰ “ললিপপ” খাবলৈ বোকাখাত আহক।
বোকাখাতত এইবাৰ হেলমেট পৰিধান নকৰা বাইক আৰোহীলৈ ললিপপ যাঁচিলে বোকাখাত আৰক্ষী প্ৰশাসন আৰু এটা সামাজিক সংগঠনে ।

সন্মুখত যিহেতু শাৰদীয় দুৰ্গোৎসৱ । এনে উৎসৱৰ বতৰত দূৰ্ঘটনাৰ আশংকা থাকে।তেনেস্থলত হেলমেট পৰিধান তথা পথ সুৰক্ষাৰ নীতি নিয়ম নমনা সকলক সজাগ কৰাৰ বাবেই এই পদক্ষেপ বোকাখাতৰ ফেচেংবৰ হেৰিটেজ নামৰ সংগঠনটোৰ । বোকাখাত আৰক্ষী থানাৰ সন্মুখত আৰক্ষীৰ সহযোগত বাইক আৰোহীক ললিপপ যাঁচি ক’লে এতিয়াৰ পৰা হেলমেট পিন্ধক আৰু নিজৰ জীৱন ৰক্ষা কৰক ।
ইয়াৰ পিছতে বোকাখাত পৌৰসভা কাৰ্যালয়ৰ সন্মুখত এক সজাগতা সভা অনুষ্ঠিত কৰি পথ সুৰক্ষাৰ দিশ সমূহ ব্যাখ্যা কৰা হয় । ফেচেংবৰ হেৰিটেজ, গোলাঘাট জিলা পৰিবহন বিভাগ, আৰক্ষী আৰু পৌৰসভাৰ উদ্যোগত এই কাৰ্যসূচীৰে পথ সুৰক্ষাৰ সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা হাতত লোৱা হয়

https://fb.watch/v3J1qaqqUK/

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments