Monday, July 7, 2025
Homeঅসমলাংহেমফিৰ সীমান্ত পহৰা চকীত এক ৰুদ্ধদ্বাৰ বৈঠক, অসম-মেঘালয় সীমান্তঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ুষ...

লাংহেমফিৰ সীমান্ত পহৰা চকীত এক ৰুদ্ধদ্বাৰ বৈঠক, অসম-মেঘালয় সীমান্তঞ্চল পৰিদৰ্শন মন্ত্ৰী পীয়ুষ হাজৰিকাৰ

ডিজিটেল ডেস্ক, anews24x7: পশ্চিম  কাৰ্বি আংলং জিলাৰ হামৰেণ থানাৰ অন্তৰ্গত লাংহেমফিত মন্ত্ৰী পীযুষ হাজৰিকা ভ্ৰমণ ৷অসম-মেঘালয় সীমান্তঞ্চল পৰিদৰ্শন কৰাৰ লগতে লাংহেমফিৰ সীমান্ত পহৰা চকীত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় ৷অসম-মেঘালয় সীমান্তত অপৰিবৰ্তিত হৈ থকা সীমাসমস্যা সন্দৰ্ভত বুজ লোৱাৰ উদ্দেশ্যে এই গুৰুত্বপুৰ্ণ বৈঠকখনি অনুষ্ঠিত কৰা হয় ৷

বৈঠকত অসম চৰকাৰ উচ্চপদস্থ বিষয়াৰ লগতে মেঘালয় ৰাজ্যৰ মন্ত্ৰী স্নোভা লাংভা আৰু উচ্চপদস্থ বিষয়াও উপস্থিত থাকে ৷ দুইৰাজ্যৰ মাজত অপৰিবৰ্তিত সীমাসমস্যাৰ এক শান্তি আলোচনাৰ বাবে এই বৈঠক অনুষ্ঠিত বুলি জানিব পৰা গৈছে৷

মন্ত্ৰীগৰাকীয়ে মন্তব্য প্ৰদান কৰি কয় যে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্য চৰকাৰে চুবুৰীয়া ৰাজ্যকেইখনৰ সৈতে থকা সীমা সমস্যাৰ স্থায়ী সমাধানৰ বাবে প্ৰাথমিকতা প্ৰদান কৰি আন্তৰিকতাৰে কাম কৰি আছে । লগতে তেওঁ কয় যে অসম আৰু মেঘালয়ৰ বাসিন্দাসকলে পৰস্পৰৰ মাজত ভাতৃত্বভাৱেৰে বাস কৰি আহিছে আৰু ৰাজ্য দুখনৰ মুখ্যমন্ত্ৰী দুগৰাকীৰ আন্তৰিক সদিচ্ছাৰ বাবে সীমা সংক্ৰান্তীয় যিখিনি প্ৰাৰ্থক্য আছে সেয়াও সোনকালেই সমাধা হৈ উঠিব ।

মন্ত্ৰীগৰাকীক আজিৰ পৰিদৰ্শন আৰু বৈঠকৰ সময়ত বিধায়ক ৰূপসিং টেৰন, অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ প্ৰধান সচিব জি.ডি. ত্ৰিপাঠী, বিভাগীয় সচিব, পশ্চিম কাৰ্বি আংলং জিলাৰ আয়ুক্ত আৰু আৰক্ষী অধীক্ষকে সংগ দিয়াৰ বিপৰীতে মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীৰ লগত ৰাজ্যখনৰ কেইবাগৰাকীও শীৰ্ষ বিষয়া উপস্থিত আছিল ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments