Sunday, June 8, 2025
Homeঅসমগৌৰৱ গগৈক প্ৰত্যাহ্বান

গৌৰৱ গগৈক প্ৰত্যাহ্বান

বিশ্বনাথ চাৰিআলি, বিনীত ঝা: বিহালীত বিজেপি দলৰ হৈ বিধায়ক পদ্ম হাজৰিকাৰ সংবাদ মেল।

গৰম হৈ পৰিছে বিহালীৰ উপ নিৰ্বাচন। আজি বিহালীত এক সংবাদ মেল অনুষ্ঠিত কৰে বিধায়ক পদ্ম হাজৰিকাই।

সংবাদ মেল যোগে পদ্ম হাজৰিকাই গৌৰব গগৈয়ে যোৰহাটৰ দৰে বিহালীতো একেই পৰিস্হিতি হ’ব বুলি কোৱা কথাৰ প্ৰত্যাহবান জনাই কয় যে এই খন নৰ্থ বেংক হয়। নৰ্থ বেংকত পদ্ম হাজৰিকা আছে, ৰঞ্জিত দত্ত আছে।

কংগ্ৰেছ দলে যেনে ধৰনে ৰাইজৰ মাজত বিভ্রান্তি সৃষ্টি কৰি ভোট আদায়ৰ চেষ্টা কৰিছে সেয়া কৰিব নালাগে।

ইফালে কংগ্ৰেছৰ দিনৰ সেই সন্ত্ৰাস জৰ্জৰ পৰুৱেশৰ কথা উনুকিয়াই কয় যে
তৰুন গগৈৰ পোন্ধৰ বছৰীয়া শাসন কালত মানুহে নিৰাপত্তা লাভ কৰা নাছিল, উগ্রপন্হীৰ হাতত বহু লোকৰ প্রাণ গৈছিল, বিহালী বনাঞ্চলত অৰুণাচলী আততায়ীৰ হাতত বহু অসমীয়াই প্রাণ হেৰুৱাব লগীয়া হৈছিল। বিশ্বনাথৰ অসম অৰুণাচল সিমান্তৰ ভিমাজুলী, সোনাজুলীত উগ্ৰন্থীৰ গুলীত মাতৃৰ বুকুত দুগ্ধ পান কৰি থকা দেৱ শিশুক গুলীয়াই হত্যা কৰিছিল। কিন্তু সেই সময়ত কংগ্ৰেছ চৰকাৰৰ কোনো মন্ত্রী বিধায়ক সেই স্থানত গৈ ভুক্তভোগী ৰাইজৰ কাষত থিয় হোৱা নাছিল। মই সেই সময়ত মাত্ৰ মোৰ এছকৰ্ট লৈ গৈছিলো।

গৌৰব গগৈক প্রত্যাহ্বান জনাই বিধায়ক গৰাকীয়ে কয় যে তেওঁৰ পিতৃ মুখ্যমন্ত্ৰী হৈ থকা সময়ত ৰাজ্যৰ কথা নকও। বিশ্বনাথ বিহালীৰ অবস্থা কেনেকুৱা অবস্হা আছিল। কিন্তু কেন্দ্রত বিজেপি চৰকাৰ অহাৰ পিছতে অপাৰেচন অল আউটে জৰিয়তে উগ্রপন্থী দমন কৰি এতিয়া শাস্তি প্রতিষ্ঠা কৰিছে।

গৌৰব গগৈয়ে কৰা লোকেল চালানিৰ ৰাজনীতি আৰু অসমীয়া আদিবাসীৰ ৰাজনীতিৰ সন্দৰ্ভত গগৈক আহবান জনাই যে আমি সকলো অসমীয়া। জাতি জনগোষ্ঠীক ভাগ ভাগ কৰি সাতামপুৰুষীয়া এনাজৰি চিঙিব নালাগে বুলি পদ্ম হাজৰিকাই গৌৰব গগৈক আহ্বান জনাই।

স্বাধীনতা সংগ্ৰাম কৰা দলটোয়ে কি কাৰণে জয়ন্ত বৰাক কিয় টিকত দিলে সেয়া ৰাইজে বুজি উঠিছে বুলিও কয়।

কংগ্রেছ দলে জাতিটোক সুৰক্ষা দিয়াত বিফল হৈছিল। উগ্ৰপন্থীৰ লগত কংগ্ৰেছ দলৰ নেক্সাছ আছিল নেকি বুলি প্রশ্ন কৰি কয় যে কংগ্ৰেছৰ দিনত উগ্রপন্থীয়ে সমান্তৰাল ভাবে চৰকাৰ চলাই আছিল। মোকো একে ৪৭ ৰ গুলীৰে থকা সৰকা কৰিছিল।
ইফালে
জয়ন্ত বৰাৰ লগতে
নিৰ্বাচনী প্ৰচাৰ চোলোৱা লোক সকল পুনৰ বিজেপিলৈ ঘুৰি অহাৰ আহ্বান জনাই। লগত উভতি আহক।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments