ডিজিটেল ডেস্ক, ৩০অক্টোবৰ: গুৱাহাটীৰ আমবাৰীৰ পৰা দীঘলীপুখুৰীৰ পাৰলৈ যোৱা পথছোৱাৰ কথা ভাবিলেই মনলৈ আহে পথৰ দুয়োকাষে থকা গছবোৰৰ কথা । গছৰ ছাঁ লৈ এই পথটোৰে অহা-যোৱা কৰাৰ কথাই সুকীয়া । কিন্তু ৰিজাৰ্ভ বেংকৰ পৰা নুনমাটি সংযোগী প্ৰায় ৬ কিঃ মিঃ দীঘল উৰণ সেঁতুখন নিৰ্মাণৰ বাবে প্ৰশাসনে কাটি পেলোৱাৰ সিদ্ধান্ত লৈছিল পথৰ দুয়োকাষে থকা গছবোৰ । যাক লৈ গুৱাহাটীবাসীৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
এই কাৰ্যৰ বিৰোধিতাৰে প্ৰতিবাদত নামিছিল ছাত্ৰ সমাজ আৰু সাধাৰণ ৰাইজ । ইয়াৰ উপৰিও ছচিয়েল মেডিয়াৰ জৰিয়তে নিজ নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিভিন্ন জনে
কণ্ঠশিল্পী তৰালি শৰ্মাই নিজৰ ফেচবুক পোষ্টতৰ জৰিয়তে লিখিছে ,
“এই চহৰৰ নীৰৱ নিৰ্বিকাৰ নাগৰিক তেওঁলোক৷ আপুনি-মই নেদেখা প্ৰজন্মৰ ইতিবৃত্তও খোদিত তেওঁলোকৰ বুকুতে৷ জ্যেষ্ঠজন যিদৰে এটি পৰিয়ালৰ ধৰণী কিম্বা সাহস, তেওঁলোকো আমাৰ বাবে ঠিক একেই৷ কংক্ৰীট উন্নয়নৰ মাজতো তেওঁলোকৰ অস্তিত্বক কোনোৱে নোহোৱা কৰিব পৰা নাই আজিলৈ…
তেওঁলোক থাকিব লাগিব, আপোনাৰ বাবে-মোৰ বাবে-আমাৰ বাবে৷ উন্নয়ন ধামখুমীয়াতো এটি মুকলি উশাহৰ বাবে তেওঁলোক থাকিবই লাগিব”৷
ইয়াৰ উপৰিও জুবিন গাৰ্গ , পাপনকে আদি কৰি বহু কেইজন শিল্পীয়ে ছচিয়েল মেডিয়াৰ জৰিয়তে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এই কাৰ্যৰ বিৰোধিতা কৰিছে ।
আনহাতে আজি ছ’চিয়েল মিডিয়াৰ জৰিয়তে মুখ খুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দীঘলীপুখুৰীৰ গছ নকটাৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
‘মই আপোনালোকক আশ্বস্ত কৰিব বিচাৰোঁ যে চৰকাৰে আন্তঃগাঁথনি আগুৱাই নিয়াৰ সমান্তৰালকৈ আমাৰ চহৰৰ ঐতিহ্য আৰু পৰিৱেশ সংৰক্ষণৰ দিশতো আমি গভীৰভাৱে প্ৰতিশ্ৰুতিবদ্ধ। দীঘলীপুখুৰীৰ পৰা নুনমাটিলৈ উৰণ সেতু নিৰ্মাণৰ ক্ষেত্ৰত আমি আন্তৰিকতাৰে অঞ্চলটোৰ পুৰণি গছবোৰ সুৰক্ষিত ৰখাৰ বাবে কাম কৰি আছোঁ৷ এটা বিকল্প প্ৰস্তাৱৰ সন্ধান আৰু ইয়াৰ সম্ভাৱনীয়তা মূল্যায়ন কৰাৰ বাবে লোক নিৰ্মাণ বিভাগক কেইদিনমান সময় দিবলৈ মই সকলো অংশীদাৰক আহ্বান জনাইছোঁ৷’
উল্লেখ যে , ২৮ অক্টোবৰত প্ৰশাসনে টায়াবুল্লাহ ৰোডৰ কাষত আৰু সন্দিকৈ গাৰ্লছ কলেজৰ সন্মূখৰ প্ৰায় ২৫ জোপা গছ কাটিবলৈ হালধীয়া ক্ৰছৰে চিহ্নিত কৰিছিল , য’ত কিছুমান গছ আছিল যিবোৰ ২০০ বছৰৰ ওপৰৰ বুলি কোৱা হৈছে ।