মহেন্দ্ৰ পগাগ, বিহালী: বিহালী সমষ্টি এতিয়া কুৰুক্ষেত্ৰৰ দৰে হৈ পৰিছে বুলি সাংসদ গৌৰব গগৈয়ে কালি সংবাদ মাধ্যমৰ ওচৰত কৈছিল।আজি এই কুৰুক্ষেত্ৰ ৰনৰ পাণ্ডব বিহালীৰ ৰাইজ আৰু কৌৰব বিজেপি বুলি অভিহিত কৰিছে সাংসদ গৌৰৱ গগৈয়ে । কাৰণ বিজেপিত যোৱা ২৫ বছৰৰ পৰা এজন লোকেই ৰাজত্ব চলাই আছে।কিন্তু অহা ১৩ তাৰিখে বিহালীৰ ৰাইজে নিজৰ ভোটৰ জৰিয়তে বিহালীত ৰাজত্ব চলাব। দিছপুৰত বহি থাকিলে বাস্তব শক্তিৰ উমান নাপাই,বাস্তব শক্তি ৰাইজৰ হাতৰ আঙুলিত আছে বুলি আজি বিহালীৰ এখন নিৰ্বাচনী সভাত মন্তব্য কৰে।
ইফালে সাংসদ গৰাকীয়ে পুনৰ হাতী মানবৰ মাজত সৃষ্টি হোৱা সংঘাতৰ কাৰণ পাহাৰত গছ গছনি কাটি বিজেপি চৰকাৰে চলোৱা চিণ্ডিকেট বুলি অভিযোগ তোলে। কংগ্ৰেছ প্ৰাৰ্থী জয়ন্ত বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা সাংসদ গৰাকীয়ে ভাষনত কয় যে বৰ্তমান যিবোৰ চৰকাৰী আচনি আছে,সেই আচনি লাভ কৰিবলৈ হল বিশেষ দলৰ সদস্য হব লাগিব।তেতিয়াহে চৰকাৰী আচনি লাভ কৰিব।আমাৰ চৰকাৰ আহিলে আমি সকলো লোককে চৰকাৰী আচনি দিম।
এই চৰকাৰে জনসাধাৰণৰ বাবে কাম কৰা নাই।এই চৰকাৰৰ নেতা মন্ত্ৰীয়ে গছ গছনি কাটি ধংস কৰি ডাঙৰ ডাঙৰ ৰিজৰ্ট খুলিছে,স্কুল খুলিছে।এই চৰকাৰৰ দিনত আইন কেবল দুখীয়া মানুহৰ বাবে,উচ্ছেদ কেৱল দুখীয়া মানুহৰ বাবে,বুলডজাৰ কেৱল দুখীয়া মানুহৰ বাবে।বিহালীৰ ৰঙাগড়াত এজন বিজেপি নেতাই বল পূৰ্বক ভাবে আদিবাসী লোকৰ ভূমি দখল কৰি চাহ বাগান খুলিছে বুলিও নিজৰ ভাষনত উল্লেখ কৰে।