মৰাণ, নিদান পূৰ্তি:ডিব্ৰুগড় বৰবৰুৱাৰ কোটোহা চেঁচা নদীত উদ্ধাৰ মধুস্মীতা বৰুৱা নামৰ এগৰাকী যুৱতীৰ মৃতদেহ ।
৬ টা দিনে সন্ধানহীন হৈ আছিল টিয়কৰ যুৱতী মধুস্মীতা বৰুৱা ।
বিগত ৬ টা দিনে সন্ধানহীন হৈ থকা যোৰহাট টিয়কৰ মধুস্মীতা বৰুৱা (২৪) নামৰ যুৱতী গৰাকীৰ অৱশেষত মৃতদেহ উদ্ধাৰ হৈছে । লেপেটাকটা আৰক্ষী চকীৰ অন্তৰ্গত কোটোহা আলিয়াচুকৰ চেঁচা নদীত উদ্ধাৰ হয় মৃতদেহ । উল্লেখ্য যে, ৩ নৱেম্বৰত বৰবৰুৱাৰ পৰা নিৰুদ্দেশ হৈ আছিল যুৱতী গৰাকী । ঘটনাৰ সন্দৰ্ভত পংকজ গগৈ নামৰ টিয়কৰ এজন যুৱকক বৰবৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰাৰ পিছত পুনৰ তিনিদিনৰ বাবে আৰক্ষী জিম্বাত আনি তদন্ত অব্যাহত ৰাখিছে । উল্লেখ্য যে, মধুস্মীতা বৰুৱাই লেপেটকটা ঘূৰণীয়াত বায়েকৰ সৈতে থাকি এটা কোম্পানীত কৰ্মৰত আছিল ।
টিয়কৰে যুৱক পংকজে মধুস্মীতাক মৰাণ অইলত চাকৰি কৰো বুলি মিছা প্ৰলোভন দি প্ৰেমৰ সম্পৰ্ক গঢ়িছিল । উক্ত দিনা মৰাণ ছ্যুকাফা নগৰত দুয়ো এৰাতি থকাৰ পিছত পংকজে মধুস্মীতাক ট্ৰেভেলাৰ গাড়ীত উঠাই পথিওৱাৰ পিছৰ পৰা যুৱতী গৰাকী নিৰুদ্দেশ হৈ আছিল । আজি স্থানীয়লোকে চেঁচা নদীত এগৰাকী যুৱতীৰ মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত লেপেটকটা আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে ।মৃতদেহ উদ্ধাৰ হোৱা প্ৰায় ১কিলোমিটাৰৰ নিলগত চেঁচা নদীত উদ্ধাৰ মৃত মধুস্মিতা বৰুৱাৰ এটা বেগ আৰু এটা মনি পাৰ্চ চাৰিটা ছাবি, দুখন চীমকাৰ্ড।।জিঅ কোম্পানী কৰ্মৰত আছিল যুৱতী গৰাকী।
ইফালে, প্ৰায় এমাহ ধৰি পংকজ গগৈয়ে মৰাণৰ চ্যুকাফা নগৰৰ ভাড়াঘৰত আছিল । এই কথা জানিবলৈ দিছে ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে । আৰক্ষীয়ে তদন্ত কৰিবলে অহাৰ পাছতহে ভাড়াঘৰৰ স্বত্বাধিকাৰীয়ে গম পাইছিল মৃদুষ্মিতা বৰুৱা নামৰ যুৱতী গৰাকী ভাড়াঘৰলৈ অহাৰ কথা ।