Monday, July 7, 2025
Homeঅসমঅসমলৈ আহিব NAACৰ সঞ্চালক ড০ গণেশন কান্নাবিৰন

অসমলৈ আহিব NAACৰ সঞ্চালক ড০ গণেশন কান্নাবিৰন

ডিজিটেল ডেস্ক, ১০নৱেম্বৰ: সোমবাৰে চমু ভ্ৰমণসূচীৰে অসমলৈ আহিব NAACৰ সঞ্চালক ড০ গণেশন কান্নাবিৰন। GMCH ৰ প্ৰেক্ষাগৃহত এক অনুষ্ঠানত অংশ ল’ব ড০ কান্নাবিৰনে। এই অনুষ্ঠানতে বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যসকলৰে মত-বিনিময় কৰিব ড০ কান্নাবিৰনে।

মত-বিনিময় অনুষ্ঠানত অংশ ল’ব ৰাজ্যৰ কলেজসমূহৰ অধ্যক্ষসকলেও। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ আমন্ত্ৰণতে অসমলৈ আহিব NAAC ৰ সঞ্চালকগৰাকী। সোমবাৰে বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ’ব এই অনুষ্ঠান। প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডঃ যোগেশ কাকতিয়ে জনালে এই কথা।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments