Tuesday, March 17, 2026
Homeঅসমগৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এয়া এক বৃহৎ আঘাত: অখিল গগৈ

গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এয়া এক বৃহৎ আঘাত: অখিল গগৈ

ডিজিটেল ডেস্ক, ২৩নৱেম্বৰ: কংগ্ৰেছৰ অহংকাৰৰ বাবে আজি বিজেপিয়ে অগ্ৰগতি লাভ কৰিলে। গৌৰৱ গগৈ আৰু ভূপেন বৰাৰ কাজিয়াৰ বাবে আজি বিজেপিৰ জয় হৈছে। গৌৰৱ গগৈৰ অহংকাৰৰ ওপৰত এয়া এক বৃহৎ আঘাত। বিজেপিক পৰাভূত কৰিবলৈ সকলো বিৰোধী একত্ৰিত হ’ব লাগিব বুলি মন্তব্য অখিল গগৈৰ।

কংগ্ৰেছৰ পৰাজয়ৰ পিছতে গৌৰৱ গগৈক তীব্ৰ সমালোচনা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

‘‘গৌৰৱ গগৈৰ অহংকাৰ কাৰণে আজি ৫খন আসনত বিজেপি জিকিল। বিজেপিক হৰুৱাবলৈ সকলো পুনৰ এক লগ হ’ব লাগিব। কিন্তু তাৰ পূৰ্বে গৌৰৱ গগৈয়ে অহংকাৰ ত্যাগ কৰিব লাগিব। লিলি হোটেলত মিটিং আমি কৰা নাছিলো, ভূপেন বৰাই, জিতেন্দ্ৰে সিঙে মাতি নিছিল আমাক।’’

‘‘এইবোৰ কংগ্ৰেছৰ অফিছিয়েল বৈঠক নাছিল নেকি? গৌৰৱ গগৈয়ে বিহালীৰ ধাবাত মিটিং হ’ব বুলি কোৱা ক্ষেত্ৰত গৌৰৱ গগৈৰ এনে মন্তব্যৰ উত্তৰ দিব লাগিব ভূপেন বৰাই। আমাক ভূপেন বৰাই অপমান কৰিছে। এই প্ৰশ্নবোৰৰ উত্তৰ নিদিয়া লৈকে ভূপেন বৰাৰ লগত আমাৰ কোনো কথা নাই।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments