Thursday, November 7, 2024
Homeঅসমআজি পহিলা ভাদ, হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

আজি পহিলা ভাদ, হৰিনামৰ ধ্বনিৰে মুখৰিত ৰাজ্যৰ সত্ৰ-নামঘৰ

ডিজিটেল ডেস্ক, anews24x7: আৰম্ভ হ’ল পবিত্ৰ ভাদ মাহঃ হৰি নামৰ অমল ধ্বনিৰে মুখৰিত বটদ্ৰৱাৰ আকাশ বতাহ। পুৱাৰে পৰা হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰিল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। এই পৱিত্ৰ ভাদ মাহৰ আজি পহিলা দিনটোৰ পৰা শেষৰ দিনলৈ এমাহজুৰি ভকত বৈষ্ণৱ, আই মাতৃ সকলে হৰি নাম কীৰ্তনৰে মুখৰিত কৰি তুলিব বটদ্ৰৱাৰ আকাশ বতাহ।

উল্লেখ্য যে পৱিত্ৰ বটদ্ৰৱা থানত প্ৰতিদিনে ১৪ প্ৰসংগ হয় যদিও ভাদ মাহটোত ১৮ প্ৰসংগ পৰিবেশন কৰা হয় । আন সময়ত অনুষ্ঠিত হোৱা চৈধ্য প্ৰসঙ্গৰ লগত ভাদ মাহত আৰু চাৰিটা প্ৰসংগ যোগ হৈ কাহিলীপুৱাৰ পৰা নিশালৈ ওঠৰ প্ৰসংগ ধাৰাবাহিক ক্ৰম অনুসৰি অনুষ্ঠিত হব।

 

পবিত্ৰ ভাদ মাহৰ প্ৰথম দিনাৰ পৰাই মাজুলীৰ সত্ৰ-নামঘৰত আৰম্ভ গুৰুজনাৰ নাম-প্ৰসংগ।

 

গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে পবিত্ৰ ভদীয়া নাম ।পুৱা ৪ বজাৰ পৰা আৰম্ভ হৈছে প্ৰথম প্ৰসংগ।হৰি নাম ধ্বনিৰে মুখৰিত সমগ্ৰ আঠখেলীয়া অঞ্চল।আজি আৰম্ভ হোৱা ভদীয়া নামৰ পুৱা ৪ বজাৰ প্ৰথম প্ৰসংগতে সমাৱেশ ঘটে ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ।প্ৰতি দিনে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত চলিব চাৰি প্ৰসংগ নাম।পুৱা ৪ বজাত, ৯ বজাত, দিনৰ ১১ বজাত আৰু দিনৰ ২ বজাত চাৰিটা ভাগত চলিব চাৰি প্ৰসংগ নাম ।

ভক্ত সকলৰ সুবিধাৰ্থে নিশা ১০ বজা পৰ্যন্ত নামঘৰৰ প্ৰৱেশদ্বাৰ খোলা থাকিব।ইতিমধ্যে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ পৰিচালনা সমিতিয়ে মাহ জোৰা কাৰ্যসূচীত সমাৱেশ ঘটিবলগীয়া লাখ লাখ ভকত বৈষ্ণৱক আদৰিবলৈ সকলো ধৰণৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।উল্লেখ্য যে, এই প্ৰবিত্ৰ ভাদ মাহত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰত জাতি ,ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো শ্রেণীৰ ৰাইজৰ বিপুল সমাৱেশ ঘটি দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত কৰে।সেইদৰে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠন ৰাইজেও স্বেচ্ছামূলক সেৱা আগবঢ়াই ভক্তপ্ৰাণ ৰাইজক সেৱা- শুশ্ৰূষা ব্ৰতি হোৱা পৰিলক্ষিত হয় ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments