Wednesday, July 9, 2025
Homeঅসমগৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ

গৌৰৱ গগৈক আক্ৰমণ মুখ্যমন্ত্ৰীৰ

ডিজিটেল ডেস্ক, ২৪নৱেম্বৰ: জনতা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল। ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত সংবাদমেল। ‘উপ-নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে অভাৱনীয় সাফল্য লাভ কৰিছে। ২৫ বছৰ পাছত চামগুৰি আমি লাভ কৰিবলৈ সক্ষম হ’লো’। উপ-নিৰ্বাচনৰ ফলাফলৰ বাবে ৰাইজক অভিনন্দন মুখ্যমন্ত্ৰীৰ।

আজি লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই সংবাদমেলত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰীগৰাকীয়ে। নাম নোলোৱাকৈ গৌৰৱ গগৈক সমালোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

বিৰোধীৰ আন নেতাক বিহালীৰ ধাবালৈ আলোচনাৰ বাবে আমন্ত্ৰণ জনোৱা কাৰ্যক সমালোচনা মুখ্যমন্ত্ৰীৰ। তেওঁ কয়, ‘মানুহক অপমান কৰাৰো এটা লেভেল আছে। ৰজাৰ পুতেকেহে এনে কথা ক’ব পাৰে। সাধাৰণ ঘৰৰ ল’ৰাই ক’ব নোৱাৰে যে বিহালীৰ ধাবাত আহি পলিটিকেল ডিছকাচন কৰক।’

‘ৰজাৰ ল’ৰা নহ’লে সাধাৰণ পলিটিচিয়ানে এইটো কথা ক’ব নোৱাৰে। ৰজাৰ মানসিকতা থকা লোকেহে এনে কথা ক’ব পাৰে। আমাৰতো এনে কথা জীৱনতো মুখেৰে নোলায়।’

মুখ্যমন্ত্ৰীয়ে লগতে কয়, ‘আপোনালোকেও সাধাৰণ পৰিয়ালৰ পৰা অহা নেতাবোৰক ফ’কাচ কৰক। অখিল গগৈ, লুৰীণ গগৈ, ভূপেন বৰা এওঁলোক সাধাৰণ পৰিয়ালৰ পৰা অহা, এখেতসকলক ফ’কাচ কৰক যি পাৰ্টীৰেই নহওক লাগিলে।’‘কোনেও সামূহিক পৰিচয়টো এৰি দিব নালাগে যে আমাৰ দেউতা সাধাৰণ ঘৰৰ আছিল।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments