Monday, July 7, 2025
Homeঅসমফাতেমাবাদ চাহ বাগিচা প্ৰসংগত শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাৰ হস্তক্ষেপ

ফাতেমাবাদ চাহ বাগিচা প্ৰসংগত শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালাৰ হস্তক্ষেপ

গুৱাহাটী, ১৮ ডিচেম্বৰঃ বাক্সা জিলাৰ ফাতেমাবাদ চাহ বাগিচাত শ্ৰমিকৰ প্ৰাপ্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা পৰিস্থিতি সন্দৰ্ভত  শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাই তৎপৰতাৰে হস্তক্ষেপ কৰিছে। মন্ত্ৰী গৰাকীয়ে আজি দিছপুৰৰ তেওঁৰ কাৰ্যালয়ত এই সন্দৰ্ভত ভৱিষ্যনিধি আয়ুক্ত আৰু শ্ৰম বিভাগৰ বিষয়াবৰ্গৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বাগিচাখনৰ বৰ্তমান পৰিস্থিতিৰ বুুজ লোৱাৰ লগতে অচলাৱস্থা আতৰ কৰাৰ বাবে জৰুৰীভাৱে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহন কৰিবলৈ বিষয়াবৰ্গক নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, যোৱা কিছুদিন ধৰি বাক্সাৰ শালবাৰীৰ ফাতেমাবাদ চাহ বাগিচাত বিভিন্ন বিষয়ক কেন্দ্ৰ কৰি বাগিচা কৰ্তৃপক্ষ আৰু শ্ৰমিক সকলৰ মাজত সংঘাত অব্যাহত আছে। শ্ৰমিকসকলে কৰ্তৃপক্ষৰ বিৰুদ্ধে মজুৰি আৰু ৰেচন বন্ধ কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

শ্ৰমিকসকলে অভিযোগ কৰা মতে, বিগত পাঁচ সপ্তাহে কৰ্তৃপক্ষই দৰমহা আৰু ৰেচন দিয়া নাই। তদুপৰি ষ্টাফৰ দুমাহৰ আৰু ছাব-ষ্টাফৰ এমাহৰ দৰমহাও মুকলি কৰি দিয়া নাই। ইয়াৰ ফলত চাহ শ্ৰমিক সকল গুৰুতৰ দুৰ্দশাৰ সন্মুখীন হোৱা বুলি জানিব পৰা গৈছে। বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে শ্ৰমিক-কৰ্মচাৰীৰ স্বাস্থ্যৰ ক্ষেত্ৰতো চৰম উপেক্ষা প্ৰদৰ্শন কৰা বুলি শ্ৰমিকসকলে অভিযোগ কৰিছে।

দৰমহা আৰু আন অনাদায় প্ৰাপ্যসমূহৰ দাৱীত ফাতেমাবাদ বাগিচাৰ শ্ৰমিক সকলে আন্দোলন আৰম্ভ কৰাৰ বিপৰীতে কৰ্তৃপক্ষই বাগিচা বন্ধ কৰিবলৈ সিদ্ধান্ত লোৱা বুলি সংবাদমাধ্যমত প্ৰকাশিত হৈছে। এই বাতৰি তেওঁৰ দৃষ্টিগোচৰ হোৱাৰ লগে-লগে মন্ত্ৰীগৰাকীয়ে  বিষয়টোত হস্তক্ষেপ কৰে আৰু ভৱিষ্যনিধি আয়ুক্তৰ উপৰি শ্ৰম বিভাগৰ বিষয়াবৰ্গৰ সৈতে আজি এখন বৈঠকত ফাতেমাবাদ বাগিচাৰ বৰ্তমান পৰিস্থিতিৰ বুজ লয়। সমগ্ৰ বিষয়টোৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰখা মন্ত্ৰীগৰাকীয়ে শ্ৰমিক- কৰ্মচাৰীসকলৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্টসকলক নিৰ্দেশ দিয়ে। বাগিচাখনৰ বৰ্তমানৰ অচলাৱস্থা আতৰোৱাৰ উদ্যোগ ল’বলৈও মন্ত্ৰীগৰাকীয়ে বিষয়াবৰ্গক নিৰ্দেশ দিয়ে

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments