মৃন্ময় নাথ, সৰভোগ: বিগত বৰ্ষবোৰৰ দৰে ২০২৩ ইং বৰ্ষতো জাপানীজ এনকেফেলাইটিছ ৰোগে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে সৰভোগত। যোৱা ৪ জুলাইত সৰভোগৰ বাৰেগাঁও অঞ্চলৰ এজন লোক জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু মুখত পৰাৰ পিছতে পুনৰ যোৱা সপ্তাহত আন এজন লোকো সেই একেই ৰোগৰ বাবে মৃত্যু হোৱাৰ কথা পোহৰলৈ আহিছে।
মাইকী কিউলেক্স মহৰ জৰিয়তে বিয়পি পৰা এই ৰোগ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে জিলা মেলেৰিয়া বিষয়াৰ কাৰ্যালয় কৰ্তৃপক্ষই সৰভোগৰ বাৰেগাওঁ আৰু চোমাৰখাট অঞ্চলত ঔষধ যুক্ত ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিছে যদিও এই ব্যৱস্থাই কিমান দূৰ জাপানীজ এনকেফেলাইটিছ ৰোগক প্ৰতিৰোধৰ কৰিব পাৰিব তাৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে? তাৰোপৰি বৃহস্পতিবাৰে স্বাস্থ্য বিভাগৰ লোকে গাঁওখনত মহৰ কণী পৰীক্ষা কৰি সেয়া কিউলেক্স মহৰ কণী হ’ব পাৰে বুলি চিন্তা প্ৰকাশ কৰিছে। এই সন্দেহে অধিক চিন্তিত কৰি তুলিছে গাঁওৰ সচেতন মহলক।
জিলা মেলেৰিয়া বিষয়াৰ কাৰ্যালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া মতে, জাপানী এনকেফেলাইটিছ মানুহৰ মগজুত হোৱা এক অতি ভয়ংকৰ জ্বৰ। মাইকী কিউলেক্স মহে এই ৰোগ বিয়পায়। গাহৰি, বগলী আৰু অন্ন্যান্য পৰিভ্ৰমী চৰাইৰ পৰা এই ৰোগ হয়। সেয়ে খেতি পথাৰত কাম কৰিলে বা ঘৰৰ ওচৰত গাহৰিৰ গড়াল থাকিলে মানুহক সাৱধান হ’বলৈ তেওঁলোকে আহ্বান জনায়। লগতে মহৰ কামোৰৰ পৰা নিজক বচাই ৰখা, ঘৰত ধূপ-ধূনা জ্বলাই মহ খেদা, মহে যাতে কণী পাৰিব নোৱাৰে তাৰ বাবে ঘৰৰ আশে-পাশে পানী জমা হৈ থকা সৰু, ডাঙৰ সকলো পাত্ৰৰ পৰা পানী আঁতৰাই ৰখা আৰু শুৱাৰ সময়ত সদায় আঠুঁৱা ব্যবহাৰ কৰা আদি সাৱধানতা অৱলম্বন কৰিবলৈ উপদেশ দিয়ে।গাঁওখনৰ গাওঁবুঢ়াইও এই ৰোগ প্ৰতিৰোধৰ বাবে সচেতন হ’বলৈ আহ্বান জনাইছে গাঁওবাসীক