Friday, November 8, 2024
Homeঅসমসুধাকন্ঠ ড০ ভূপেন হাজৰিকাক গুগলৰ বিশেষ সন্মান

সুধাকন্ঠ ড০ ভূপেন হাজৰিকাক গুগলৰ বিশেষ সন্মান

 

ডিজিটেল ডেস্ক ANEWS24X7: ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আজি ৯৬তম জন্ম দিন । সুধাকন্ঠ ভূপেন হাজৰিকাই সংগীত জগতত আগবঢ়োৱা অৱদানক সন্মান জনাবলৈ গুগলে এটা ডুডল প্ৰস্তুত কৰিছে। বৃহস্পতিবাৰে ভূপেন হাজৰিকাৰ জন্মদিনটো এই বিশেষ ডুডলৰ সৈতে উদযাপন কৰে গুগলে । গুগলে নিজৰ টুইটাৰ একাউন্ট যোগে এই বিশেষ ডুডল পষ্ট কৰি শ্বেয়াৰ কৰে ।

গুগলে পষ্ট শ্বেয়াৰ কৰি কয় লিখে যে ‘আপুনি জানেনে ভূপেন হাজৰিকা এজন অসমীয়া–ভাৰতীয় শিশু প্ৰডিজি আছিল যিয়ে মাত্ৰ ১২ বছৰ বয়সতে চলচ্চিত্ৰৰ বাবে গান গাবলৈ আৰু সংগীত ৰচনা কৰিবলৈ আৰম্ভ কৰিছিল। শুভ জন্মদিন ভূপেন হাজৰিকা । আপোনাৰ গান আৰু চলচ্চিত্ৰই অসমৰ সমৃদ্ধ সংস্কৃতিৰ প্ৰতি সন্মান বৰ্তমানেও অব্যাহত ৰাখিছে।’

সুধাকন্ঠ ড০ভূপেন হাজৰিকাৰ এই ডুডলটো প্ৰস্তুত কৰি উলিয়াইছে মুম্বাইস্থিত অতিথি শিল্পী ৰুতুজা মালীয়ে । এই সন্দৰ্ভত শিল্পী ৰুতুজা মল্লীৰ এটা সাক্ষাতকাৰ গুগলে প্ৰকাশ পাইছে । সাক্ষাতকাৰটোৰ যোগেদি শিল্পীগৰাকীয়ে ডুডলটো নিৰ্মাণৰ আঁৰত থকা চিন্তাবোৰ ভাগ বতৰা কৰিছে । সাক্ষাৎকাৰটো এনেধৰণৰ –

প্ৰশ্ন – এই বিষয়টো ব্যক্তিগতভাৱে আপোনাৰ বাবে কিয় অৰ্থপূৰ্ণ আছিল?

উত্তৰ- মই ড০ ভূপেন হাজৰিকাৰ জীৱন আৰু কামৰ গভীৰতালৈ ডুব দিয়াৰ সুযোগ পাইছিলো , ভাৰতীয় সংগীত আৰু চলচ্চিত্ৰলৈ তেওঁৰ অৱদান বুজিবলৈ। তেখেতৰ কলা, তেওঁলোকৰ কাহিনী আৰু জন্মদিন উদযাপন কৰাৰ ধাৰণাটো সদায়ে বিশেষ আৰু অনুপ্ৰেৰণাদায়ক।

প্ৰশ্ন –যেতিয়া আপোনাক এই ডুডলত কাম কৰাৰ বিষয়ে যোগাযোগ কৰা হৈছিল তেতিয়া আপোনাৰ প্ৰথম চিন্তা কি আছিল?

উত্তৰ- এই সুযোগ পোৱাৰ বাবে মই উৎসাহিত আৰু সঁচাকৈয়ে সন্মানিত হৈছিলো।

প্ৰশ্ন –আপুনি এই ডুডলৰ বাবে বিশেষভাৱে কিবা এটাৰ পৰা অনুপ্ৰেৰণা লাভ কৰিছিলনে?

উত্তৰ- মই তেওঁৰ কেইটামান গান, ফটো আৰু ভিডিঅ’ৰ মাজেৰে গৈছিলো আৰু ডুডলত তেওঁৰ আকৰ্ষণ প্ৰতিফলিত কৰিবলৈ যথাসাধ্য চেষ্টা কৰিছিলো।

প্ৰশ্ন- আপুনি কি বাৰ্তা আশা কৰে যে মানুহে আপোনাৰ ডুডলৰ পৰা কি লৈ যাব ?

উত্তৰ: মই আশা কৰোঁ যে মানুহে ড০ ভূপেন হাজৰিকা আৰু তেওঁৰ কামৰ বিষয়ে অধিক জানিবলৈ আৰু তেওঁৰ কিছুমান গান পুনৰ চাবলৈ আগ্ৰহী হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments