ভোগালীৰ বতৰত এনে দুঃখবৰনো বাৰু কেনেকৈ সহে গাঁওবাসীয়ে? গণশিল্পী ৰাজীৱ শদিয়াৰ অন্তিম যাত্ৰা। সহস্রাধিক লোকে অশ্ৰুসিক্ত নয়নেৰে শেষকৃত্য সম্পন্ন কৰিলে ৰাজীৱ শদিয়াৰ। বিহুৰ দিনাই গণশিল্পী ৰাজীৱ শদিয়াৰ গাঁৱত কান্দোনৰ ৰোল। জাতি-মাটিৰ গীত গোৱা ৰাজীৱ শদিয়াই গীতেৰে দি থৈ গ’ল অসম আৰু অসমীয়াৰ পৰিচয়।
দেওবাৰে নিশা তিনিচুকীয়া জিলাৰ ফিল’বাৰীৰ ৰসবাৰী পৰ্যটন মেলাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশনৰ বাবে গৈছিল ৰাজীৱ শদিয়া। অনুষ্ঠান আৰম্ভ কৰি এটা গীত গোৱাৰ পাছতেই হৈছিল অঘটন। উপস্থিত ৰাইজৰ মাজত লাগিছিল হাহাকাৰ। মঞ্চতে ঢলি পৰিছিল জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়া। হৃদৰোগত আক্ৰান্ত হৈ মঞ্চৰ পৰা তলত পৰিছিল শিল্পীগৰাকী। প্ৰথমে বুকুৰ বিষ অনুভৱ কৰিছিল তেওঁ। নিশাই ততাতৈয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল শদিয়াক।
AMCHৰ ICUত চিকিৎসাধীন ৰাজীৱ শদিয়াই (Rajib Sadiya) সোমবাৰে অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানে।জাতীয়তাবাদী ভাৱধাৰাৰে উদ্বুদ্ধ আছিল শিল্পীগৰাকী। অসমৰ সমাজ-ৰাজনৈতিক বিষয়ত সদায়েই সৰব আছিল ৰাজীৱ শদিয়া। জাতি-মাটিৰ গান গাই অসমবাসীৰ চেতনাক আলোড়িত কৰাই আছিল ৰাজীৱ শদিয়াৰ গীতৰ মূল উপজীৱ্য। কা আন্দোলনৰ সময়তো সক্ৰিয়ভাৱে আন্দোলনত অংশগ্ৰহণ কৰি বিপ্লৱী গীতেৰে জনগণক জাগ্ৰত কৰাৰ চেষ্টা কৰিছিল এইগৰাকী কণ্ঠশিল্পীয়ে।
বিপ্লৱী কণ্ঠশিল্পীগৰাকীৰ বিয়োগত এতিয়া শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। জনতাৰ শিল্পী ৰাজীৱ শদিয়াৰ বিদায় পৰত সমদল কৰি এইয়া তেওঁৰে গুণমুগ্ধ । অপ্ৰিয় সত্যক স্বীকাৰ কৰি অশ্ৰুসিক্ত নয়নেৰে হাজাৰ হাজাৰ জনতাই বিদায় জনালে ৰাইজৰ শিল্পীগৰাকীক
