ডিজিটেল ডেস্ক, ১৮জানুৱাৰী: অসমৰ ভিন্ন প্ৰান্তত সোমাই পৰিছে আলফা(স্বাঃ)ৰ সদস্য। ১৫ আগষ্টৰ দৰে ২৬ জানুৱাৰীতো সংঘটিত কৰিব পাৰে কূটাঘাত। আলফা স্বাধীনৰ দল প্ৰৱেশ কৰাৰ তথ্য ৰাজহুৱা গোলাঘাটৰ SPৰ। ম্যানমাৰৰ পৰা আহি অসমত থিতাপি লৈছে কেইবাজনো আলফা কেডাৰে। সংবাদ মাধ্যমক তথ্য সদৰী গোলাঘাটৰ SP ৰাজেন সিঙৰ।
গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সষ্টম হৈছে মহানগৰ আৰক্ষী। আৰক্ষীৰ কেইবাটাও গোটে ভিন্নস্থানত চলাইছে তালাচী। ঠায়ে ঠায়ে পূৰ্বতকৈ বৃদ্ধি কৰা হৈছে টহলদাৰী আৰক্ষী। ৰাইজক ভয় নাখাবলৈ আহ্বান যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈনৰ।