মেষ ৰাশি ফলাফল
আপোনাৰ সন্তানৰ উন্নতমানৰ প্ৰদৰ্শনে আপোনাক নথৈ আনন্দিত কৰিব। ধনৰ লগত জড়িত যিকোনো সমস্যা আজি সমাধান হব পাৰে আৰু ফলস্বৰূপে আপোনাৰ অৰ্থ লাভ হব পাৰে। আপোনাৰ নতুন পৰিযোজনা সমূহক লৈ আপোনাৰ মা-দেউতাকক বিশ্বাসত লোৱাৰ এয়াই সঠিক সময়। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হব পাৰে। আজিৰ দিনাখন কাম কৰি থকা সময়ত আপুনি কোনো বিশেষ অসুবিধা নাপাব আৰু আপুনি এক বিজেতাৰ দৰে ওলাই আহিব। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ কিন্তু খেলা-ধুলাত ইমানো ব্যস্ত নহব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আপোনাৰ বৈবাহিক জীৱন ইয়াতকৈ অধিক ৰঙীণ কেতিয়াও নাছিল।
বৃষ ৰাশি ফলাফল
সামাজিক মিলাপ্ৰীতি ৰ বাবে স্বাস্থ্যক প্ৰাথমিকতা দিয়া আৰম্ভ কৰক। আজি কৰা আৰ্থিক নিৱেশ সমূহ আপোনাক সমৃদ্ধি আৰু আৰ্থিক সুৰক্ষা প্ৰদান কৰাত সহায় কৰিব। আপুনি আপোনাৰ ভাৱনাক নিয়ন্ত্ৰিত কৰাত জটিলতাৰ সন্মূখীন হব পাৰে। কিন্তু ওচৰে-পাজৰে থকা লোক সকলৰ লগত কাজিয়া নকৰিব নহলে নিঃসংগতা ই খুলি খুলি খাব। গাৰ্লফ্ৰেণ্ড অথবা বয়ফ্ৰেণ্ডে আপোনাক প্ৰতাৰণা কৰিব পাৰে। যোগ্য কৰ্মীৰ পদোন্নতি আৰৰু আৰ্থিক লাভ হব পাৰে। মানুহৰ লগত কথা পাতোঁতে আজি আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপুনি এনেকুৱা কৰাৰ পৰা আতঁৰি থাকিব। প্ৰয়োজনৰ সময়ত আপোনাৰ জীৱন সংগী আপোনাৰ মা-দেউতাতকৈ নিজৰ মা-দেউতাক অধিক গুৰুত্ব প্ৰদান কৰাটো আপোনাৰ পৰিলক্ষিত হব।
মিথুন ৰাশি ফলাফল নিজৰ চিন্তা ধাৰা আৰু উৰ্জা অথবা শক্তি সেইবোৰ কামত লগাওক যিবোৰ সপোন আপুনি দিঠকত পৰিণত কৰিব পাৰে ,অকল আকাশত চাং পাতি থাকিলে একো নহ’ব । এতিয়া আপোনাৰ লগত এইটোয়ে সমস্যা যে আপুনি চেষ্টা নকৰি অকল ইচ্ছা হে কৰে। ভাই -ভণিৰ সহায়ত অৰ্থ লাভৰ পুৰ্ণ আশংকা আছে। নিজৰ ভাই ভণিৰ উপদেশ লওক। পাৰিবাৰিক অথবা সাংসাৰিক দায়িত্ব আপোনাৰ বৃদ্ধি পাব ,যি আপোনাক মানসিক ভাৱে হতাশ কৰি তুলিব পাৰে। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। অফিচত আপোনাৰ প্ৰতিদ্বন্দিতা কৰা ব্যক্তিজনক আজি ভুল কাম কৰাৰ ফল প্ৰাপ্ত হব। সাীমাহীন সৃজনআত্মক কাম আৰু উৎসাহ আপোনাক আৰু এটা লাভদায়ক দিনৰ পিনে লৈ যাব পাৰে। আপুনি অনুভৱ কৰিব যে বিয়াৰ সময়ত কৰা সকলো প্ৰতিশ্ৰুতি সচাঁ হয় ,আপোনাৰ জীৱনৰ লগৰীয়ে আপোনাৰ প্ৰকৃত প্ৰেয়সী।
কৰ্কট ৰাশি ফলাফল
স্বাস্থ্যৰ ফালেদি চাব গলে আজিৰ দিনটো বহুত ভাল হ’ব ।আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপোনাৰ কোনো অজ্ঞাত উৎসৰ পৰা পইচা প্ৰাপ্ত হব পাৰে, যাৰ বাবে আপোনাৰ বহুতো আৰ্থিক সমস্যা দূৰ হব পাৰে। ঘৰত কাকো যাতে আপুনি দুখ নিদিয়ে তাৰ প্ৰতি আজি আপুনি অলপ সচেতন থাকক আৰু আপোনাৰ পৰিয়ালৰ প্ৰয়োজন হিচাপে নিজকে ঢাল খুৱাওক। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। প্ৰফেশ্বনাল দিশত কৰা ভাল কামৰ বাবে আপোনাক অফিচত বহুত প্ৰশংসা কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালি সময়ত পূৰণী মিত্ৰক লগ কৰিব যাব পাৰে। আপোনাৰ জীৱন লগৰী মৰমেৰে আপোনাৰ সকলো সমস্যা মুহুৰ্ততে দূৰ কৰি দিব পাৰে।
সিংহ ৰাশি ফলাফল
আপোনাৰ প্ৰবল আত্ম বিশ্বাস আৰু আজিৰ দিনটোৰ সহজ কাম কাজ মিলাই আপোনাক আৰাম কৰিবলৈ অধিক সময় দিব। আজি আপুনি বহুত সহজতে পইচা জমা কৰিব পাৰিব-অন্য লোকক আগতে দিয়া পইচা আজি ঘুৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনা ত পইচা লগাই ধন আৰ্জিব পাৰে। আপোনাৰ বন্ধু আপোনাক এনেকুৱা সময়ত পৰিত্যাগ কৰিব যেতিয়া আপোনাৰ তেখেতক সকলোতকৈ অধিক প্ৰয়োজন হব। অলপ মনোমালিন্য হোৱাৰ পিছতো আজি আপোনাৰ প্ৰেম জীবন ভালে যাব , আপুনি নিজৰ সংগীক সুখ দিয়াত সফল হব। অলপ কথা বাৰ্তা আৰু চতুৰতা আপোনাক লাভান্বিত কৰিব পাৰে। টেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যক আছে। আপুনি আপোনাৰ জীৱন লগৰীৰ গুণ বোৰৰ বাবে আকৌ তেওঁৰ প্ৰেমত পৰিব পাৰে।
কন্যা ৰাশি ফলাফল
আশাবাদী হওক আৰু সদায় ধনাত্মক দিশৰ পিনে লক্ষ্য কৰক । আপোনাৰ বিশ্বাস আৰু উদ্দীপনাই আপোনাৰ ইচ্ছা আৰু আকাংক্ষা সমূহৰ বাবে নতুন বাট মুকলি কৰিব। আৰ্থিক দিশত আপোনাৰ উন্নতি হব। পৰিয়ালৰ লগত সামাজিক গতিবিধিয়ে আপোনাকে ধৰি সকলোকে সুখী কৰিব। আজি আপোনাৰ প্ৰেমৰ উত্তৰ প্ৰেম আৰু ৰোমাঞ্চৰ জৰিয়তে লাভ কৰিব। লঘু ব্যৱসায় কৰা এই ৰাশিৰ ব্যক্তিসকলৰ আজি লোকচান হব পাৰে। অৱশ্যে ভয় খোৱাৰ দৰকাৰ নাই যদি কষ্ট ঠিক দিশত আছে তেন্তে ভাল ফল এদিন নিশ্চয় পাব। আজি আপুনি নিজৰ মানুহৰ ৰ পৰা আতঁৰি কৰবাত নিৰলে গৈ থকা পছন্দ কৰিব ফলস্বৰূপে মনত শান্তি প্ৰাপ্ত হব । যেতিয়া আপোনাৰ জীৱন সংগী সকলো মতানৈক্য পাহৰি আপোনাৰ ওচৰলৈ ঘুৰি আহিব ,তেতিয়া জীৱন অধিক ধুনীয়া হৈ পৰিব।
তুলা ৰাশি ফলাফল
আজি এটা সুখৰ দিন, আজি আপোনাৰ প্ৰত্যেকটো কাম আপোনাৰ মতে হ’ব। আপোনাৰ সহোদৰ আজি আপোনাৰ পৰা পইচাৰ ধাৰলৈ বিচাৰিব পাৰে , আপুনি সিহতক পইচাতো ধাৰত দি দিব কিন্তু ইয়াৰ বাবে আপোনাৰ আৰ্থিক অৱস্থা বেয়ালৈ ঢাল খাব পাৰে। আপোনাৰ জ্ঞান আৰু পৰিহাস আপোনাৰ ওচৰৰ চাৰিওফালৰ লোককো প্ৰভাৱিত কৰিব। প্ৰেমৰ দিশত আজি আপোনাক কোনোবাই ভুল ভাবিব পাৰে। কাম বহুত বেছি হোৱা স্বত্তেও আজি কৰ্মক্ষেত্ৰত আপোনাত এট বেলেগ উৰ্জা দেখা যাব । আজি আপোনাক দিয়া সময়ৰ আগতে আপোনাৰ কাম সম্পূৰ্ণ হব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব ,যি আপুনি শুনিব বিচাৰি আছিল। জীৱন সংগীৰ পৰা অধিক আশা আকাংক্ষা কৰাটো আপোনাৰ বৈবাহিক জীৱনটোক হতাশাৰ পিনে ঠেলি দিব পাৰে ।
বৃশ্চিক ৰাশি ফলাফল
আজি খেল ধূলা ত অংশগ্ৰহণ কৰাটো জৰুৰী ,কাৰণ চিৰযৌৱনৰ ৰহস্য এইটোৱে হয়। যিবোৰ লোকে টেক্স ৰ আদায় সময়মতে নকৰে সিহতঁ আজি কিবা ডাঙৰ সমস্যাৰ সন্মুখীন হব পাৰে। সেইবাবে আপোনাক উপদেশ দিয়া হয় যে টেক্স ৰ আদায় সময়মতে কৰিব লাগে। আপোনাৰ পৰিয়ালৰ সদস্যৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক আৰু সিহতৰ শুনিও নুশুনাৰ ভাও ধৰা স্বভাৱৰ বাবে বাদ-বিবাদ হব পাৰে আৰু আপুনি আলোচনাৰ সন্মূখীনো হব পাৰে। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। ব্যৱসাায়ত যিকোনো চল-চাতুৰীৰ পৰা বাচি থাকিবলৈ হলে আপুনি চকু -কাণ খুলি ৰাখক অৰ্থাত সাৱধানে থাকক। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। জীবনলগৰীৰ লগত আজিৰ সন্ধিয়া সচাঁকৈয়ে কিবা এটা বিশেষ হবলৈ গৈ আছে।
ধনু ৰাশি ফলাফল
আপোনাৰ আকৰ্ষণীয় ব্যক্তিত্ব আজি অন্যৰ ধ্যান আপোনাৰ পিনে আকৰ্ষণ কৰিব। আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হব। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজতে অন্য লোক সকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ জন্মই আপোনাৰ প্ৰিয়জনৰ বাবে এই পৃথিৱীখন থকাৰ বাবে সক্ষম কৰি তোলে। ব্যৱসায়িক আলোচনাৰ মাজত কথকী আৰু ভাৱুক নহব ,যদি আপুনি নিজৰ কথাক নিয়ন্ত্ৰণত নাৰাখে তেন্তে আপুনি অতি সহজতে প্ৰতিষ্ঠা ভূমিত মিলাই দিব পাৰে। সময়তকৈ অধিক একো হব নোৱাৰে । সেইবাবে আপুনি সময়ৰ সদ্ব্যৱহাৰ কৰে কিন্তু বহুত সময়ত জীৱনটোক অলপ অৱসৰো দিব লাগে আৰু পৰিয়ালৰ লোকৰ লগত সময় অতিবাহিত কৰিব লাগে। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱন সংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে ,যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব ।
মকৰ ৰাশি ফলাফল
মানসিক শান্তিৰ বাবে দান পূণ্যৰ কামত সহযোগিতা কৰক। যদি আপুনি বহুত দিনৰ পৰা আৰ্থিক লোন লোৱাৰ বাবে যোগাযোগ কৰি আছে তেন্তে আজি আপুনি লোন পাব পাৰে। আপোনাৰ পৰিয়ালৰ লগত ৰুক্ষ ব্যৱহাৰ নকৰিব ,এই ব্যৱহাৰে পাৰিবাৰিক শান্তি ভঙ্গ কৰিব পাৰে। আপোনাৰ উৰ্জা জাতীয় শক্তি আজি বহুত উচ্চমানৰ থাকিব -কাৰণ আপোনাৰ প্ৰিয়জন আপোনাৰ বাবে বহুত আনন্দ আৰু সুখ কঢ়িয়াই লৈ আহিব। অফিচত কোনোোবা বিশেষ ব্যক্তিৰ লগত আপোনাৰ দেখা হব পাৰে। আজি আপুনি খালী থকা সময়খিনি নিজৰ মাকৰ সেৱা কৰিম বুলি ভাৱি আছিল কিন্তু সেই সময়তে কামৰ বাবে আপুনি ভৱামতে কাম নহব ।এই ক্থাটোয়ে আপোনাক চিন্তিত কৰি তুলিব। আজিৰ দিন হল উন্মাদ হৈ যোৱাৰ ,কাৰণ আপুনি প্ৰিয়জনৰ লগত প্ৰেমৰ উচ্চতা অনুভৱ কৰিব।
কুম্ভ ৰাশি ফলাফল
মনখুলি হাঁহক কাৰণ হাঁহি আপোনাৰ সকলো সমস্যাৰ আটাইতকৈ ফলজনক চিকিৎসা। নিশ্চিত ভাৱে আপোনাৰ আৰ্থিক দিশত শুধৰণি আহিব -কিন্তু লগতে আপোনাৰ নিজস্ব খৰচো বহুত বেছি হৈ পৰিব। কোনো চিঠি অথবা ই-মেইল গোটেই পৰিয়ালৰ বাবে ভাল খবৰ কঢ়িয়াই লৈ আহিব। প্ৰেমীক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাটো আপোনাৰ কৰণীয়। আপোনাৰ আত্ম বিশ্বাস ত বৃদ্ধি হৈ আছে আৰু ইয়াত আপোনাৰ উন্নতি স্পষ্ট ভাৱে দেখা যাব। যিসকল লোকক ঘৰৰ মানুহে অনবৰতে অভিযোগ দিয়ে যে তেখেতে তেওঁলোকক পৰ্যাপ্ত সময় নিদিয়ে ,তেনেলোকে অধিক সময় দিয়াৰ কথা বিবেচনা কৰিব কিন্তু অধিক কাম হোৱা বাবে তেখেতে সময় দিব নোৱাৰিব। আপোনাৰ বৈবাহিক জীৱনত শাৰীৰিক সুখৰ ফালেদি কিছুমান ধুনীয়া পৰিৱৰ্তন পৰিলক্ষিত হব।
মীন ৰাশি ফলাফল
বহুতদিনৰ পৰা অনুভৱ হৈ থকা ভাগৰতা আৰু অশান্তিৰ পৰা আপুনি আৰাম পাব। এই সমস্যা সমূহৰ পৰা স্থায়ী ভাৱে পৰিত্ৰাণ পাবৰ বাবে জীৱন-শৈলীত সাল-সলনি অনাৰ প্ৰয়োজন আছে। যিসকল ব্যৱসায়ীৰ সম্বন্ধ বিদেশী ব্যৱসায়ীৰ লগত আছে সিহতঁৰ আজি অৰ্থ হানি হোৱাৰ সম্ভাৱনা আছে সেইবাবে আজিৰ দিনটো ভাৱি চিন্তি চলিব। নতুন বস্তু সমূহত ধ্যান মনোযোগ দিয়ক আৰু আপোনাৰ সকলোতকৈ ভাল বন্ধুৰ সহায় লওক। প্ৰেমত নিৰাশাই আপোনাক বেজাৰ কৰিব পাৰে। কাম- কাজৰ দিশত আপুনি সকলোৰে মৰম আৰু সহযোগ পাব পাৰে। কাকো অৱগত নকৰাকৈ আপুনি আজি নিজকে সময় দিবলৈ ঘৰৰ পৰা বাহিৰলৈ গুছি যাব । আপুনি অকলে তো থাকিব কিন্তু মন শান্ত নহব , মনত আজি বহুত চিন্তা অগা-ডেৱা কৰি থাকিব। আপোনাৰ জীৱন সংগীৰ এলেহুৱা প্ৰকৃতিয়ে আপোনাৰ বহুত কামত সমস্যাৰ সৃষ্টি কৰিব পাৰে।