ডিজিটেল ডেস্ক, anews24x7: উত্তৰ কেৰেলা জিলাৰ কানিচাৰ গাঁওৰ এখন গাহৰিৰ পামত পাৰ্দূভাৱ হৈছিল আফ্ৰিকান ছোৱাইন ফ্লু ।উক্ত গাহৰিৰ পামখনৰ চাৰিওফালে এক কিলোমিটাৰ এলেকাত, ছোৱাইন ফ্লুৰ সংক্ৰমণ ধৰা পৰিছিল, তাৰ পিছতে জিলা উপায়ুক্তই সংক্ৰমিত অঞ্চলৰ ১০ কিলোমিটাৰ ব্যাসাৰ্ধক ৰোগ নিৰীক্ষণ অঞ্চল হিচাপে ঘোষণা কৰি উক্ত স্থানৰ দুখন পামত গাহৰি হত্যা কৰাৰ নিৰ্দেশ দিছে।
আনহাতে তিনি মাহৰ বাবে অঞ্চলটোত গাহৰিৰ মাংস বিতৰণ, কিনা বেছা আৰু অন্য ঠাইলৈ প্ৰেৰণৰ নিষেধাজ্ঞা জাৰি কৰিছে । জিলা পশুপালন বিষয়া সকলৰ অনুসন্ধানত শুকুৰবাৰে মালয়মপাড়ীত অৱস্থিত এখন ব্যক্তিগত ফাৰ্মত আফ্ৰিকান ফ্লু হোৱা বুলি নিশ্চিত কৰে।
জিলা খনৰ এই দুৰ্যোগ সময়ত বিভাগীয় কৰ্তৃপক্ষ, অধ্যক্ষ কালেক্টৰ স্থানীয় কৰ্তৃপক্ষক জৰুৰী প্ৰতিবেদন দাখিল কৰিবলৈও কয়, বিগত দুমাহত ক্ষতিগ্ৰস্ত পামৰ পৰা অহা গাহৰি আন পামলৈ লৈ যোৱা হৈছে নেকি সেয়া নিৰিক্ষণ কৰিবলৈ আৰু গাঁও পঞ্চায়তৰ কোনো ঠাইত এই ৰোগী ধৰা পৰিলে অতি সোনকালে বিহিত ব্যৱস্থা কৰি সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰিও অঞ্চলটোত পশু চিকিৎসক সকলক এই ৰোগৰ ওপৰত আৰু অধিক পৰীক্ষাৰ বাবে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে ।