Friday, November 8, 2024
Homeৰাজনৈতিক"ডিজিটেল অৰ্থনীতিত ভাৰতৰ ৩টা অগ্ৰাধিকাৰ''

“ডিজিটেল অৰ্থনীতিত ভাৰতৰ ৩টা অগ্ৰাধিকাৰ”

ডিজিটেল ডেস্ক, anews24x7: কেন্দ্ৰীয় ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে শনিবাৰে জি-২০ ডিজিটেল অৰ্থনীতি মন্ত্ৰীসকলৰ বৈঠকত ভাষণ দি ডিজিটেল অৰ্থনীতি কৰ্মগোটৰ ভাৰতীয় ৰাষ্ট্ৰপতিৰ দ্বাৰা নিৰ্বাচিত তিনিটা অগ্ৰাধিকাৰৰ ক্ষেত্ৰত আলোকপাত কৰে ।এই অগ্ৰাধিকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰতিফলিত হৈছে, অগ্ৰাধিকাৰসমূহ সকলোৰে বাবে সুৰক্ষিত, সৰ্বাংগীন, ক্ষমতা্ৰ্পূৰ লগতে সমগ্ৰ মানৱ জাতিৰ উন্নয়নৰ প্ৰভাৱ বিস্তাৰক, অগ্ৰাধিকাৰ সমূহ এক বহল বিশ্বব্যাপি কায্যসূচীৰ সৈতে সাদৃশ্য আছে আৰু বৈষ্ণৱে কয় প্ৰধান মন্তী মোদী প্ৰযুক্তিৰ গণতান্ত্ৰিকতাৰ ওপৰত বিশ্বাস কৰে।

বৈঠক খনৰ আলোচনা মাজেৰে উদ্ভাৱনী সমাধান আৰু সহযোগিতামূলক কৌশলৰ উন্মাদনাৰ আশংকা প্ৰকাশ কৰে লগতে বিশ্ব ডিজিটেল অৰ্থনীতি সবলীকৰণত প্ৰধানমন্ত্ৰী মোডীৰ বিজ্ঞান আৰু প্ৰযুক্তিৰ দিশত লোৱা সিদ্ধান্তই ভৱিষ্যতৰ দৃষ্টিভংগীত বিশেষ অৰিহনা যোগোব আৰু সমগ্ৰ মানৱতাই উপকাৰ লাভ কৰিব বুলি বিশ্বাস কৰে এইসকল মন্ত্ৰীয়ে ।

আলোচনাত জন ধন বেংক একাউণ্ট, আধাৰ, আৰু ম’বাইলৰ কথা উল্লেখ কৰে, যিয়ে বিত্তীয় অন্তৰ্ভুক্তি আৰু ইউ পি আই পেমেণ্ট ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন আনিছে য’ত প্ৰতিমাহে প্ৰায় ১০ মিলিয়ন লেনদেন সংঘটিত হয়, আৰু বিশ্বৰ ৪৫ শতাংশ লেনদেন হয় ভাৰতত.

প্ৰধানমন্ত্ৰী মোদীৰ মতে সম্পূৰ্ণ ডিজিটেলাইজ কৰা ব্যৱস্থাই স্বচ্ছতা আৰু ই-গভৰ্নেন্সক প্ৰসাৰিত কৰিব, কৰ্মগোটটোৱে জি-২০ ভাৰ্চুৱেল গ্ল’বেল ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ ৰিপ’জিটৰী সৃষ্টি কৰাত সন্তুষ্টি প্ৰকাশ কৰে আৰু ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰৰ বাবে এক সাধাৰণ কাঠামোৰ ওপৰত অগ্ৰগতিয়ে সকলোৰে বাবে এক স্বচ্ছ, জবাবদিহি, আৰু ন্যায্য ডিজিটেল পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰাত সহায় কৰিব বুলি আলোকপাত কৰে।ডিজিটেল অৰ্থনীতি বিশ্বজুৰি বিয়পি পৰাৰ লগে লগে নিৰাপত্তাৰ ভাবুকি আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আঙুলিয়াই দিয়ে যে নিৰাপদ, বিশ্বাসযোগ্য আৰু স্থিতিস্থাপক ডিজিটেল অৰ্থনীতিৰ বাবে জি-২০ৰ নীতিসমূহৰ ওপৰত সকলো একমত হোৱাতো অতি গুৰুত্বপূৰ্ণ।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments