ডিজিটেল ডেস্ক, ৪ফেব্ৰুৱাৰী: কাইলৈ মহাকুম্ভ মেলাত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। পুৱা ১০ বাজি ৫ মিনিটত উপস্থিত হ’ব প্রয়াগৰাজ বিমানবন্দৰত।
পুৱা ১০ বাজি ১০ মিনিটত উপস্থিত হ’ব হেলিপেডত। পুৱা ১০ বাজি ৪৫ মিনিটত উপস্থিত হ’ব অৰেল ঘাটত। পুৱা ১০ বাজি ৫০ মিনিটত নাৱেৰে মহাকুম্ভত উপস্থিত হ’ব মোদী। দিনৰ ১১ বজাৰ পৰা ১১-৩০ বজালৈ পবিত্র সংগমত স্নান কৰিব মোদীয়ে।