ডিজিটেল ডেস্ক, ১০ফেব্ৰুৱাৰী:আজি ২৩ সংখ্যক BTC চুক্তি দিৱস। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই চুক্তি দিৱস উদযাপন কৰা হয়। উল্লেখ্যযে, ২০০৩ চনৰ আজিৰ দিনটোতে অৰ্থাৎ ১০ ফ্ৰব্ৰুৱাৰী তাৰিখে ঐতিহাসিক BTC চুক্তি ৰূপায়ণ কৰা হৈছিল।
এইবেলিও বি পি এফ দলৰ উদ্যোগত কোকৰাঝাৰত ২৩ সংখ্যক বড়োলেণ্ড চুক্তি দিৱস উদযাপন কৰা হয়।সেই অনুসৰি আজি ৰাতিপুৱা বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলী তৰ্পন কৰে বি পি এফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে।বি টি চি সচিবালয় প্ৰাংগনত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছতে হাগ্ৰামা মহিলাৰী সদলবলে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰত উপস্থিত হয় আৰু ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে।
ইয়াৰ পিছতে দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰতে থকা ছহিদৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে হাগ্ৰামা মহিলাৰীয়ে।দেবৰগাঁওস্থিত বড়োলেণ্ড ছহিদ সমাধিক্ষেত্ৰতে দলীয় কৰ্মকৰ্তাক লৈ হাগ্ৰামা মহিলাৰীয়ে এক ছহিদ স্মৰণ সভাও অনুষ্ঠিত কৰে য’ত মহিলাৰীয়ে ছহিদৰ আত্মবলিদানক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰে।
চিৰাঙৰ বিজনী জিলাৰ BPF ৰ উদ্যোগত উদযাপন কৰা হয় এই BTC চুক্তি দিৱস। বিজনী জিলাৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত সোমবাৰে BTC চুক্তি দিৱস আয়োজন কৰা হয়। BTC চুক্তি দিৱস উপলক্ষে এখন সভাও অনুষ্ঠিত কৰা হয়। উক্ত দিৱসত দলীয় পতাকা উত্তোলন কৰে বিজনী জিলাৰ BPFৰ সভাপতি ৰবিৰাম খাকলাৰীয়ে। শ্বহীদ তৰ্পণ কৰে BPFৰ নীতি-নিৰ্ধাৰণ সমিতিৰ সদস্য তথা বিজনী জিলাৰ প্ৰাক্তন কমল কুমাৰ ব্ৰহ্ম আৰু জিলা BPFৰ সভাপতি ৰবিৰাম খাকলাৰীয়ে।
উক্ত সভাত বিজনী জিলাৰ BPFৰ সাধাৰণ সম্পাদক প্ৰদীপ কুমাৰ ব্ৰহ্ম, জিলাৰ BPFৰ সভাপতি ৰবিৰাম খাকলাৰী , কেন্দ্ৰীয় BPF ৰ নীতি নিৰ্ধাৰণ সমিতিৰ সদস্যদ্বয় ক্ৰমে সন্তোলা বসুমতাৰী, বলোৰাম ব্ৰহ্ম , কেন্দ্ৰীয় BPFৰ সম্পাদক তথা বিজনীৰ প্ৰাক্তন বিধায়ক ৰোমিও কুমাৰ ব্ৰহ্ম, কেন্দ্ৰীয় BPFৰ সম্পাদকদ্বয় খলিলুৰ ৰহমান, ৰমাকান্ত বসুমতাৰী, বিটিচিৰ প্ৰাক্তন MCLA দ্বয় সুভাষ চন্দ্ৰ বসুমতাৰী, টিৰেণ বসুমতাৰী উপস্থিত থাকে।
উল্লেখ্যযে, BTC চুক্তি দিৱস উপলক্ষে আয়োজিত ভলীবল প্ৰতিযোগিতাৰ উদ্ধোধন কৰে বিজনীৰ প্ৰাক্তন বিধায়ক ৰোমিো কুমাৰ ব্ৰহ্ম। আৰু মিউজিক চেয়াৰ প্ৰতিযোগিতাৰ উদ্ধোধন কৰে BPFৰ কেন্দ্ৰীয় সম্পাদক ৰমাকান্ত বসুমতাৰীয়ে।
BTCৰ বিভিল্ল প্ৰান্তৰ লগতে বাক্সা জিলাতো BPFদলে বিটিচি চুক্তি দিৱস উদযাপন কৰে। জিলাখনৰ বিভিল্ল প্ৰান্তৰ পৰা BPFৰ কৰ্মীয়ে বাইক ৰেলীৰে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰে। পুৱাই দলীয় পতাকা উত্তোলন কৰাৰ লগতে শ্বহীদৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলী জনায় BPFৰ নেতা কৰ্মীসকলে।
আগন্ত্তক BTCৰ নিৰ্বাচনত BPFদলে চৰকাৰ গঠন কৰিব বুলি মন্তব্য আগবঢ়ায় প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে। ইফালে BPFৰ শীৰ্ষ নেতা হিতেশ বসুমতাৰী আৰু খাম্পা বৰগয়াৰীয়ে BPF দল ত্যাগ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে থানেশ্বৰ বসুমতাৰীয়ে। এই দুই নেতাই দল ত্যাগ কৰিলেও BPFৰ কোনো ক্ষতি নহয়। লগতে ইউ পি পি এল দলত এতিয়া ক্ষমতাক লৈ বিৰ্তকৰ সৃষ্টি হৈছে বুলিও মন্তব্য কৰে থানেশ্বৰ বসুমতাৰীয়ে।
