ডিজিটেল ডেস্ক, ১৪ফেব্ৰুৱাৰী: সৰাপাতৰ ৰং লৈ, পচোৱাৰ লহৰে লহৰে আহিছে নতুন সময়। অসময়ীাৰ হিচাপেৰে এয়া ফাগুনৰ পহিলা দিন। চৌদিশৰ ধূলিয়ৰি পৰিৱেশ, পলাশ-শিমলু-মদাৰৰ ৰাঙলী আৱেশত এতিয়া আন এক অনুভৱৰ ঠিকনা আৰম্ভ হৈছে, ফাগুন নামেৰে।
ফাগুন মানেই এজাক হৃদয় পৰশা শীতল বতাহ। শীতৰ শুভ্ৰ আচ্ছাদন ফালি প্ৰাণ চঞ্চলা গাভৰুৰ বুকুৰ আচল উৰুৱাবলৈ আকৌ আহিছে উন্মনা ফাগুন।। এফালে প্ৰাকৃতিৰ অতুলনীয় বৈচিত্ৰময় নাচোন,আনফালে ৰঙৰ উৎসৱ ফাকুৱা,এই সকলোবোৰ ৰঙৰ সমাহাৰ লৈ মায়াবি ফাগুন নামে ধৰালৈ।ফাগুন বুলিলে মনলৈ আহে শুকান শুকান পৰিবেশ,ধূলিৰে ধূসৰিত চৌপাশ।।।
ৰঙা পলাশ-মদাৰে কঢ়িয়াই আনে প্ৰেমৰ খবৰ
কবিৰ কবিতাটো পোৱা যায় ফাগুনৰ উশাহ
কিন্তু ইমানতে জানো শেষ হয় ফাগুনৰ বৰ্ণনা। পলাশ,মদাৰ,শিমলুৱে যিদৰে ধৰা কৰি তোলে ৰঙীন,তেনেদৰে ফাগুনৰ পৰশত মনবোৰো হৈ পৰে উতলা,উন্মনা।।
ফাগুনে কঢ়িয়াই আনে সৃষ্টিৰ বতৰা
কাৰণ ফাগুনে লঠঙা কৰি যোৱা গছবোৰত কুঁহিপাত মেলিব , বসন্তৰ আগমন ঘটিব।। সেইবাবে ফাগুন হৈছে ৰঙেৰে উজ্জীৱিত এটা মাহ