ডিজিটেল ডেস্ক, anews24x7: কংগ্ৰেছ ৱৰ্কিং কমিটি পুনৰ গঠন কৰিছে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। ২০ আগষ্টত কংগ্ৰেছে সামাজিক মাধ্যমত এক তালিকা প্ৰকাশ কৰিছে। এই কমিটিখনত নতুন সদস্য হিচাপে কংগ্ৰেছ নেতা শচীন পাইলট, শশী থাৰুৰ, পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী, আনন্দ শৰ্মা আৰু অসমৰ গৌৰৱ গগৈক অন্তৰ্ভুক্ত কৰা হৈছে।
তদুপৰি নাছিৰ হুছেইন, অলকা লাম্বা, সুপ্ৰিয়া শ্ৰীনেট, প্ৰাণিতি শিন্দে, পৱন খেৰা, গণেশ গোদিয়াল, যশোমতী ঠাকুৰকে ধৰি আন নেতাসকলকো কংগ্ৰেছ ৱৰ্কিং কমিটিৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ জয়ন্তীত কংগ্ৰেছে ইয়াৰ ৱৰ্কিং কমিটিৰ নতুন সদস্যসকলৰ নাম ঘোষণা কৰিছে। নেতা শচীন পাইলটে এই বছৰৰ শেষৰ ফালে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ ৱৰ্কিং কমিটিত স্থান পাইছে।