ডিজিটেল ডেস্ক, ১৭ফেব্ৰুৱাৰী: কেবিনেটত ঘোষণাৰ ২৪ ঘণ্টাৰ ভিতৰতে তত্পৰ অসম আৰক্ষী। সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ কলবাৰ্ণৰ সৈতে যোগসূত্ৰ থকা পাকিস্তানী নাগৰিক আলী তাকীৰ শ্বেখৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিলে CIDয়ে।
গোচৰৰ তদন্ত কৰিবলৈ গঠন কৰা হল ৫ জনীয়া SITৰ দল। তদন্তৰ আওতালৈ আহিব সাংসদ গৌৰৱ গগৈৰ লগতে পত্নী এলিজাবেথো।
ISI এজেণ্টৰ দৰে ভাৰতবিৰোধী কাম অব্যাহত ৰখা আলী তাকিৰ শ্বেখৰ গোচৰ সন্দৰ্ভত SIT গঠন।বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত ডিজিপিয়ে গঠন কৰিলে চাৰিজনীয়া তদন্তকাৰী দল। আই পি এছ মুন্না প্ৰসাদ গুপ্তা এই বিশেষ তদন্তকাৰী দলৰ অধ্যক্ষ হিচাপে থাকিব। সদস্য হিচাপে থাকিব প্ৰণৱজ্যোতি গোস্বামী, ৰ’জি কলিতা আৰু মৈত্ৰেয়ী ডেকা।
প্ৰয়োজনত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ অনুমতি সাপেক্ষে পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু কনিষ্টবল নিয়োগ কৰিব পাৰিব এছ আই টিয়ে।