ডিজিটেল ডেস্ক, ১৯ফেব্ৰুৱাৰী: আলি-আয়ে-লৃগাং মিচিং সকলৰ এক জাতীয় উৎসৱ। কৃষিজীৱী মিচিং সকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰাৰ পাছতেই সৃষ্টি হ’ল কৃষি ভিত্তিক বসন্ত উৎসৱ ‘আলি-আয়ে-লৃগাং’।
ফাগুন মাহ হ’ল বসন্তৰ আৰম্ভণি। কৃষিজীৱী মিচিং সকলৰ খেতি কৰাৰ বতৰ। ফাগুন মাহৰ প্ৰথম বুধবাৰ দিনটোতে আলি-আয়ে-লৃগাং পতা হয়। সেই সিদ্ধান্ত মৰ্মে ১৯৫৬ চনৰপৰা ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ উদ্যাপন কৰি আহিছে মিচিংসকলে।
“ফাগুনত আহিবা লৃগাং চাবলৈ,ৰঙা ৰিবি গাচেং গাতে ল’বলৈ”। আজি মিচিং জনগোষ্ঠীৰ কৃষিভিত্তিক উৎসৱ আলি আঃয়ে লৃগাং। অসমৰ অন্যতম ভূমিপুত্ৰ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী মিচিং সকলৰ আলি আঃয়ে লৃগাং এক বসন্ত উৎসৱ। এই উৎসৱ হৈছে কৃষিৰ লগত সম্বন্ধিত এক উৎসৱ। প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়।
এই উৎসৱক শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি উৎসৱ বুলিও কোৱা হয়। আলি আঃয়ে লৃগাঙৰ বাবে মিচিং জনগোষ্ঠীৰ মাজত উছৱ মুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। সুন্দৰকৈ সজাই পৰাই তুলিছে মুৰং ঘৰ। ইয়াৰ লগতে গুমৰাগ নৃত্য, ঐনিতমৰ সুৰেৰে মুখৰিত হ’ব চৌদিশ।