ডিজিটেল ডেস্ক, ২৪ফেব্ৰুৱাৰী: ২০০ বছৰীয়া চাহ ঐতিহ্যক বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াসেৰে আজি সৰুসজাইত ‘ঝুমইৰ বিনন্দিনী’। মাদলৰ ছন্দত ছন্দায়িত সৰুসজাই। প্ৰধানমন্ত্ৰী মোদীয়ে উপভোগ কৰিলে ঝুমুৰ।
ইতিহাস ৰচিলে ঝুমুৰে, ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল ৰাজ্যবাসী।
সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৯ সহস্ৰাধিক শিল্পীয়ে ঝুমুৰ নৃত্য পৰিৱেশন কৰে. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মা উপস্থিত থাকে। ৯ সহস্ৰাধিক নৃত্যশিল্পীয়ে সৰুসজাই ক্ৰীড়া প্ৰকল্পত পৰিৱেশন কৰিলে ঝুমুৰ নৃত্য।
২৭খন জিলাৰ পৰা অহা মুঠ ৯ হাজাৰ ৬৪৮গৰাকী শিল্পীয়ে পৰিৱেশন কৰিলে ঝুমুৰ নৃত্য।ঝুমুৰ নৃত্য পৰিৱেশনৰ সময়ত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী এছ জয়শংকৰ, পবিত্ৰ মাৰ্ঘেৰিটা।উপস্থিত থাকে অসম বিজেপিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়া, ত্ৰিপুৰাৰৰ মুখ্যমন্ত্ৰী মাণিক সাহা।উপস্থিত থাকে অসম চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী-বিধায়ক। উপস্থিত থাকে অসমৰ কেইবাগৰাকীও সাসংদও।
ঝুমুইৰ শিল্পীসকলক ৰাজ্য চৰকাৰে দিব ২৫ হাজাৰকৈ টকাৰ লগতে, ৰাজ্যৰ ৮০০খন বাগিচাতো সাংস্কৃতিক সংঘ নিৰ্মাণ কৰিবলৈ ২৫ হাজাৰকৈ টকা দিব মুখ্যমন্ত্ৰীয়ে শনিবাৰে ঘোষণা কৰিছিল মুখ্যমন্ত্ৰীয়ে।