ডিজিটেল ডেস্ক, ৯মাৰ্চ: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আগন্তুক সপ্তাহত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৰাজ্য ভ্ৰমণৰ পূৰ্বে প্ৰস্তুতিৰ পৰ্যালোচনা কৰে।
মুখ্যমন্ত্রী কার্যালয়ৰ চমুকৈ চিএমঅ’ই এক্স সন্দর্ভত এক প’ষ্টযোগে প্রকাশ কৰা অনুসৰি শ্বাহে ভ্রমণকালত যোৰহাট জিলাৰ দেৰগাঁৱত নৱীকৃত আৰক্ষী একাডেমী উদ্বোধন কৰিব৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগন্তুক অসম ভ্ৰমণৰ বাবে প্ৰস্তুতিমূলক সভা অনুষ্ঠিত হয়।”
এই বৈঠকত এই ভ্ৰমণৰ সফল কাৰ্যকৰীকৰণ আৰু দেৰগাঁৱত নতুনকৈ উন্নীতকৃত লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উদ্বোধনৰ বাবে সুসম সমন্বয় আৰু পৰিকল্পনা সুনিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় বুলি লগতে কয়।
১৪ মাৰ্চত শ্বাহে ৰাজ্যত উপস্থিত হৈ পিছদিনা আৰক্ষী একাডেমী উদ্বোধন কৰাৰ কথা।
১৫ মাৰ্চত মিজোৰামৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সেইদিনা সন্ধিয়া অসমলৈ উভতি আহিব, তাৰ পিছত পিছদিনা বডোলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’নত এখন বৈঠকৰ জৰিয়তে ভ্ৰমণৰ সামৰণি মাৰিব।