Wednesday, July 9, 2025
Homeঅসমকংগ্ৰেছক চোকা সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

কংগ্ৰেছক চোকা সমালোচনা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

ডিজিটেল ডেস্ক, ১৫মাৰ্চ:  দেৰগাঁৱত লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ভাষণত অমিত শ্বাহে কংগ্ৰছক চোকা সমালোচনা কৰে।

মই ছাত্ৰাৱস্থাত অসমলৈ বহুবাৰ আহিছিলোঁ। হিতেশ্বৰ শইকীয়াৰ কাৰ্যকালত অসমত প্ৰতিবাদো কৰিছিলোঁ। প্ৰতিবাদ কৰোঁতে আৰক্ষীৰ লাঠীৰ কোব খাইছিলোঁ। অসমৰ জে’লত মই সাত দিন ৰুটীও খাবলগীয়া হৈছিল।সেই সময়ত অসম আৰক্ষীয়ে বহিঃৰাজ্যত প্ৰশিক্ষণ লৈছিল। এতিয়া বহিঃৰাজ্যৰ আৰক্ষীয়ে অসমত প্ৰশিক্ষণ লয়।

‘চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোঁতে লাচিত ফুকনৰ পাঠ পঢ়িছিলোঁ। স্নাতক পৰ্যায়ত লাচিত বৰফুকনৰ কথা উল্লেখ নাছিল। লাচিত বৰফুনকনক অসমতে সীমাবদ্ধ কৰা হৈছিল। বৰ্তমান ২৩টা ভাষাত লাচিত বৰফুকনৰ জীৱনী অনুবাদ হৈছে।’

‘অসম এতিয়া সন্ত্ৰাসজৰ্জৰ নহয় প্ৰগতিৰ পথত আগবাঢ়িছে।’ পূৰ্বৰ কংগ্ৰেছ চৰকাৰক সমালোচনা কৰি তেওঁ কয়, ‘১০বছৰত ১.২৭ লাখ কোটি টকা দিছিল। মোদী চৰকাৰে ১০ বছৰত ৪লাখ কোটি টকা অসমক দিলে। কংগ্ৰেছৰ আমোলত হিংসা-সাম্প্ৰদায়িকতা চলিছিল। নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অসমত কেৱল উন্নয়ন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমলৈ ৫লাখ কোটি টকাৰ বিনিয়োগ আহিব। অসমৰ যুৱ প্ৰজন্মৰ ভৱিষ্যৎ সোণালী হ’ব।’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments