ডিজিটেল ডেস্ক, ১৬মাৰ্চ:কোকৰাঝাৰ দতোমাত এবছুৰ ৫৭সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যসূচী। কেন্দ্ৰীয় কাৰ্যসূচীত অংশ লৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। অমিত শ্বাহৰ সৈতে অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মা।
অনুষ্ঠানত অংশ লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়:
‘‘অসম বাসীৰ, বড়োবাসীৰ একেবাৰে আপোন ব্যক্তি অমিত শ্বাহ। এবছুৰ সভাপতি দ্বীপেন বড়োৰ লগতে সকলো বিষয়ববীয়াক অভিনন্দন জনাইছো। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জন্মস্থানত আমি তেখেতক স্মৰণ কৰিছো। প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ বাবে আজি বড়ো ভূমিলৈ স্থায়ী শান্তি ঘূৰি আহিছে।’’
‘‘এবছুৱে বড়ো জাতিৰ উত্তৰণৰ বাবে অভূতপূৰ্ব অৰিহনা যোগাইছে। আধুনিক বড়ো ভূমি নিৰ্মাণৰ বাবে যি সপোন দেখিছিল সেই সপোন নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহে বাস্তৱত ৰূপায়ন কৰিলে। ১৫ এপ্ৰিলৰ আগতে কোকৰাঝাৰ বিশ্ববিদ্যালয় পাঠদান আৰম্ভ হ’ব, ওদালগুৰিটো আমি বিশ্ববিদ্যালয়ৰ এটা প্ৰকল্প আৰু এখন মেডিকেল কলেজ স্থাপন কৰিম। এবছুৰ সৈতে কথা পাতি HS, BA বড়ো মাধ্যমৰ পাঠ্যক্ৰম, শিক্ষা আৰম্ভ কৰিম।’’
‘‘অক্টোবৰত গুৱাহাটীৰ সৰুসজাইত বড়ো জাতিৰ বাগৰুম্বা, বৰদৈছিখলা নৃত্যৰ অভিলেখ স্থাপন কৰিম। বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ ১ মে’ৰ মৃত্যু দিনটো আমি বিটিআৰৰ সৈতে লগ হৈ ৰাজ্য চৰকাৰে প্ৰতি বছৰে বিশেষ ভাৱে উদযাপন কৰিম।’’