Friday, November 8, 2024
Homeঅসমৰঙিয়া আৰক্ষীয়ে উৎখাত কৰিলে আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰণী সৰবৰাহ চক্ৰ

ৰঙিয়া আৰক্ষীয়ে উৎখাত কৰিলে আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰণী সৰবৰাহ চক্ৰ

 

ডিজিটেল ডেস্ক ANEWS24X7: ৰঙিয়া আৰক্ষীৰ বৃহৎ সফলতা । ৰঙিয়া আৰক্ষীয়ে উৎখাত কৰিলে এটা আন্তঃৰাষ্ট্ৰীয় বন্যপ্ৰণী সৰবৰাহ চক্ৰ ৷ ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত চলা  অভিযানত পুৱতি নিশা আৰক্ষীয়ে ৰঙিয়াৰ ছ’চাইটী চ’কত জব্দ কৰে দুখন বিলাসী বাহন ।

DL 8C AQ 9876 নম্বৰৰ এখন ফৰ্চুনাৰ আৰু DL 10 CH 7924 নম্বৰৰ এখন ইন’ভা গাড়ীত অবৈধ্য ভাবে সৰবৰাহ কৰা হৈছিল বন্যপ্ৰাণী সমূহ ।

ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰা বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে ২টাকেংগাৰু , ২টা চিম্পাঞ্জী , ১৯টা বিভিন্ন প্ৰজাতিৰ বান্দৰ , ১৮টা কাছ , ২টা ভাটৌ ৷

বন্যপ্ৰাণীভৰ্তি বাহন দুখন মিজোৰাম সীমান্তৰ পৰা দিল্লী অভিমুখে গৈ থকাৰ সময়ত ৰঙিয়া আৰক্ষীয়ে ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত জব্দ কৰে বাহন কেইখন । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই সৰবৰাহ চক্ৰ লগত জৰিত দুজন সৰ্বৰাহকাৰী ৷

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সৰ্বৰাহকাৰী কেইটা হৈছে তামিলনাডুৰ থানেৰ ৰঘু সিং আৰু ভিলিপুৰমৰ কাৰ্থিক ৷ সৰবৰাহকাৰী সকলে নিজকে সেনা বাহিনীৰ লোক বুলি পৰিচয় দিছিল ৷ সম্প্ৰতি ৰঙিয়া আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments