মেষ ৰাশি ফলাফল
ধাৰ্মিক ভাৱনা বোৰৰ কাৰণে আপুনি যিকোনো তীৰ্থস্থান লৈ যাত্ৰা কৰিব পাৰে আৰু কোনোবা সাধুৰ পৰা দৈৱিক জ্ঞান লাভ কৰিব। আৰ্থিক নিৱেশৰ বাবে আজি বহুত ভাল দিন ,কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। প্ৰভাৱশালী আৰু মহত্বপূৰ্ণ মানুহৰ লগত পৰিচয় বঢ়াবৰ বাবে সামাজিক গতিবিধিৰ বাবে ভাল সুযোগ আহিব। অধিক যাত্ৰাই আপোনাৰ ৰোমাণ্টিক সম্বন্ধক অধিক বঢ়াই তুলিব। খালী থকা সময়ৰ সম্পূৰ্ণ আনন্দ লোৱাৰ বাবে লোকৰ পৰা দূৰ হৈও নিজৰ পচন্দৰ কাম কৰিব লাগে।এনেকুৱা কৰাৰ বাবে আপোনাৰ ধনাত্মক পৰিৱৰ্তন হব। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱন সংগী আন দিনাতকৈ আজি আপোনাৰ ওপৰত অধিক মনোযোগ দিব। এই ৰাশিৰ যুৱকসকলৰ আজি জীৱনত প্ৰেমৰ অভাৱ অনুভৱ হ’ব পাৰে।
বৃষ ৰাশি ফলাফল
প্ৰয়োজনতকৈ অধিক খোৱাৰ পৰা নিজকে বচাওক আৰু শাৰীৰিক ভাৱে সুস্থ থকাৰ বাবে নিয়মিত ব্যায়াম কৰক। আৰ্থিক অভাৱৰ পৰা পৰিত্ৰাণ পাবলৈ পৰিকল্পিত যোজনা মতে চলক। বন্ধু বৰ্গ আৰু ঘনিষ্ঠ লোক সকল আপোনাক সহায়ৰ হাত আগ বঢ়াব। আজিৰ দিনাখন আপোনাৰ প্ৰিয়জনৰ লগত কোনো ৰুক্ষ ব্যৱহাৰ নকৰিব লগতে খঙ নকৰিব। দিনৰ শেষত আজি আপুনি ঘৰৰ মানুহক সময় দিব বিচাৰিব কিন্তু এই সময়খিনিতেই ঘৰৰ কোনোবা নিকটতম এজনৰ লগত তৰ্ক লাগি আপোনাৰ মন বেয়া হব পাৰে। দীঘলীয়া সময়ৰ পৰা চলি থকা কাম -কাজৰ হেঁচা আপোনাৰ বৈবাহিক জীৱনত জটিলতাৰ সৃষ্টি কৰিব পাৰে কিন্তু আজি সকলো জটিলতা তথা সমস্যা দূৰ হৈ যাব। আজি সপোনৰ পৃথিৱীত আপুনি হেৰাই যাব পাৰে , আপোনাৰ এই ব্যৱহাৰে ঘৰৰ মানুহখিনিক চিন্তিত কৰি তুলিব।
মিথুন ৰাশি ফলাফল
নিজৰ স্বাস্থ্যৰ যত্ন লোৱাৰ বাবে চিঞৰ বাখৰ কৰাৰ পৰা বিৰত থাকক। ৰাতিৰ সময়চোৱাত আপোনাৰ অৰ্থ লাভৰ পুৰ্ণ সম্ভাৱনা আছে কাৰণ আপোনাৰ দিয়া ধন আপুনি ঘূৰাই পাব পাৰে। দিনৰ দ্বিতীয় প্ৰহৰত কিছু ধুনীয়া আৰু ৰোমাঞ্চকৰ কাম কৰিবৰ বাবে এয়াই বঢ়িয়া সময় হয়। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। এই দিনটো এটা মহত্বপুৰ্ণ দিন বুলি পৰিগণিত হব। আজিঅৰ দিনতেই ভৱিষ্যতৰ বাবে ভালেমান ভাল পৰিকল্পনা বনাব কিন্তু গধূলিলৈ দুৰৱৰ্তী অতিথিৰ আগমণে আপোনাৰ সকলো পৰিকল্পনা অসফল হৈ ৰব। সকলোবোৰ বস্তু আপোনাৰ ইচ্ছা অনুযায়ী নচলিব,কিন্তু নিজৰ ভাল পোৱা মানুহজনৰ লগত আপুনি এক ভাল সময় অতিবাহিত কৰিব। জীৱনৰ সোৱাদ অকল সোৱাদভৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক’ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব।
কৰ্কট ৰাশি ফলাফল
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। আপোনাৰ জমা ধন আজি আপোনাৰ কামত আহিব আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। যিকোনো ধাৰ্মিক স্থানত গ’লে আপুনি সাধু-সন্তক লগ পালে আপোনাৰ মন্ত শান্তি আৰু সন্তুষ্টি লাভ কৰিব। আৰু অলপ চেষ্টা কৰক ,আজি ভাগ্য আপোনাৰ লগ নিশ্চয় দিব কাৰণ আজি আপোনাৰ দিন। পৰিয়ালৰ প্ৰয়োজন পুৰ কৰোতে-কৰোতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে। কিন্তু আজি আপুনিসকলোৰ পৰা দুৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। যদি আপুনি নিজৰ জীৱন সংগীৰ পৰা মৰম-স্নেহৰ আশা কৰি আছে,তেন্তে আজিৰ দিনাখন আপোনাৰ এই আশা পূৰণ হব পাৰে। কোনোবা নিকটতম আৰু পুৰণি বন্ধুক লগ পাই আজি আপুনি অতীত ৰোমন্থন কৰি সুখ অনুভৱ কৰিব পাৰিব।
সিংহ ৰাশি ফলাফল
আকাশত চাং পতা বাদ দিয়ক ,ই কোনো ধৰণে আপোনাক সহায় নকৰিব।পৰিয়ালৰ আকাংক্ষাৰ ওপৰত থিয় দিবলৈ হ’লে আপুনি কিবা কৰি দেখুৱাব লাগিব। আৰ্থিক জীৱনৰ স্থিতি আজি ভাল বুলি কোৱা নাযাব, আজি আপোনাৰ ধন সঞ্চয় কৰাত বহুত সমস্যা হব পাৰে। বন্ধু বৰ্গ আৰু ঘনিষ্ঠ লোক সকল আপোনাক সহায়ৰ হাত আগ বঢ়াব। আজি আপোনাৰ প্ৰেমাস্পদক লৈ কৰবাত ফুৰিব যাব পাৰে কিন্তু কিবা জৰুৰী কামৰ বাবে এই পৰিকল্পনা সফল নহব পাৰে ফলস্বৰূপে আপোনাৰ মাজত কলহৰ সৃষ্টি হব পাৰে। আপোনাৰ ঘৰৰ মানুহ আজি আপোনাৰ লগত বহুতো সমস্যা ভাগ বতৰা কৰিব পাৰে কিন্তু আপুনি নিজৰ পৃথিৱীতেই মচগুল হৈ থাকিব আৰু খালী সময়ত কিছুমান এনেকুৱা কাম কৰিব যিবোৰ কাম কৰি আপুনি সচাঁকৈ আনন্দ লাভ কৰিব। জীৱন সংগী ৰ লগত আপুনি নিজৰ মনৰ সকলো কথা ভাগ বতৰা কৰিবৰ বাবে ভৰপুৰ সময় পাব। ব্যৱসায়ত লাভ আজি এই ৰাশিৰ ব্যৱসায়ীৰ বাবে সোণোৱালী সপোন সচাঁ হোৱাৰ দৰে হ’ব।
কন্যা ৰাশি ফলাফল
আজি আপুনি খেলা ধুলাত অংশগ্ৰহণ কৰিব পাৰে যি আপোনাক সুস্থ কৰি ৰাখিব। জীৱন সংগীৰ শাৰিৰীক অৱস্থা বেয়া হোৱা বাবে আপোনাৰ ধন খৰচ হব পাৰে কিন্তু ইয়াত চিন্তাৰ কোনো কাৰণ নাই কিয়নো ধন এনেকুৱা বিপদৰ সময়ৰ বাবেহে জমা কৰা হয়। এটা পাৰিবাৰিক ৰহস্যৰ ভেদ খোল খোৱা বাবে আপোনালোক আশ্চৰ্য হৈ যাব পাৰে। আজি আপুনি কাৰোবাৰ মন ভাঙি যোৱাৰ পৰা উদ্ধাৰ কৰিব। আজি কিছু নতুন আৰু সৃজনাত্মক কাম কৰিব বাবে ভাল দিন । আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিব লগীয়া দিন বোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। দিবা সপোন দেখা ইমান এটা বেয়া কাম নহয়, ইয়ে আপোনাক কিছুমান ধুনীয়া আইডিয়াও প্ৰদান কৰিব আৰু আজি আপুনি এই কাম ভালকৈ কৰিব পাৰিব কাৰণ আজি আপোনাৰ সময়ৰ অভাৱ নহ’ব।
তুলা ৰাশি ফলাফল
আজি আপুনি বহুত শান্ত আৰু সন্তুষ্টিত থাকিব আৰু আনন্দ উপভোগ কৰা অভিপ্ৰায় লৈ থাকিব। যদি আপুুনি নিজৰ কলাত্মক প্ৰতিভা সঠিক ৰূপত ব্যৱহাৰ কৰিলে আপোনাৰ বহুত লাভ হব। যিমান আপুনি ভাৱি আছিল,আপোনাৰ ভাইটি তাতকৈ অধিক সহায়কাৰী হিচাপে প্ৰমাণ হব। আপোনাৰ প্ৰিয়জনৰ প্ৰতি থকা প্ৰতিশোধ মূলক ভাৱনা ৰাখিলে আপোনাৰ একো লাভ নহ’ব,ইয়াৰ সলনি আপুনি শান্ত হৈ প্ৰিয়জনক নিজৰ প্ৰকৃত প্ৰেমৰ প্ৰতি পৰিচয় কৰাওক। আজি ঘৰত হৈ থকা অনুষ্ঠান এটাৰ বাবে আপোনাৰ বহুমূল্য সময় বৰবাদ হৈ যাব। আপোনাৰ জীৱন সংগী দৈনন্দিন প্ৰয়োজন বোৰ পূৰণ কৰিব যাওতে পিছ হুঁহকিব পাৰে ,যাৰ ফলত আপোনাৰ মন আজি গোটেই দিন বেয়া যাব পাৰে। আজি আপোনাৰ হাতত পৰ্যাপ্ত সময় থকাৰ সম্ভাৱনা আছে কিন্তু এই সময়বোৰ আপুনি আকাশত চাং পতাৰ নিচিনা চিন্তা কৰি অপচয় নকৰিব , কিছু কামত অহা কাম কৰক যিবোৰে আপোনাক অহা সপ্তাহত বহুত সহায় কৰিব।
বৃশ্চিক ৰাশি ফলাফল –
প্ৰভাৱশালী লোক সকলৰ সহযোগে আপোনাক অধিক উৎসাহী কৰি তুলিব। সেইবোৰ বিনিয়োগ যোজনা যি আপোনাক অনবৰতে আকৰ্ষিত কৰি আছে , সেইবোৰ বিষয়ত গভীৰ ভাৱে জনাৰ চেষ্টা কৰক আৰু যিকোনো পদক্ষেপ লোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক। দোষী মনোভাৱ আৰু পৰিতাপ কৰি সময় বৰবাদ নকৰিব,আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। বন্ধন্ধুৰ লগত সাৱধানে কথা পাতক ,কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাটঁ মেলিব পাৰে। সময়ৰ পিনে লক্ষ্য কৰি আজি আপুনিসকলোৰে পৰা দূৰ হৈ অকলে সময় অতিবাহিত কৰি ভাল পাব। এনেকুৱা কৰাটো আপোনাৰ বাবে হিতকৰ বুলি প্ৰমাণিত হব। আপোনাৰ অতীতৰ এটা ৰহস্যই আপোনাৰ জীৱন সংগীক আজি নিৰাশ কৰিব পাৰে। আজি আপুনি সকলোৰ পৰা দুৰত যোৱাৰ কথা ভাবিব পাৰে ,মনত আজি জীৱনৰ মোহ এৰি সন্যাস লোৱাৰ আগ্ৰহ প্ৰবল হ’ব।
ধনু ৰাশি ফলাফল –
আপোনাৰ শাৰীৰিক অৱস্থা অধিক ভাললৈ আহিব যদিহে আপুনি নিজৰ সমস্যাসমূহ অন্যৰ লগত ভাগ বটৰা কৰে । কিন্তু মনত ৰাখিব যে এইবোৰ যদি আপুনি অৱহেলা কৰে তেন্তে পিছত আপোনাক অপকাৰ হব পাৰে। মনোৰঞ্জন আৰু সৌন্দৰ্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনতকৈ অধিক সময় খৰচ নকৰিব। সন্ধিয়াৰ বেছিভাগ সময় আত্মীয়ৰ লগত অতিবাহিত হব। আজি আপুনি প্ৰেমাস্পদৰ আগত নিজৰ জীৱনৰ সমস্য়া ভাগ কৰিব বিচাৰিব , কিন্তু তেখেত নিজৰ সমস্যাৰ বিষয়ে কৈ আপোনাক বেছি চিন্তিত কৰি তুলিব। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। যদি আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায় তেন্তে চিন্তা নকৰিব, আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। জীৱনৰ সোৱাদ অকল সোৱাদভৰা খোৱাতহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক’ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব।
মকৰ ৰাশি ফলাফল
আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হবলৈ গৈ আছে। কিন্তু আপোনাৰ উৎসাহ নিয়ন্ত্ৰিত কৰি ৰাখক নহলে সমস্যাৰ সৃষ্টি হব পাৰে। সন্দিগ্ধ আৰ্থিক লেন দেনত ফচাৰ পৰা সাৱধানে থাকক। আপোনাৰ জীৱন সংগীৰ অসুস্থ স্বাস্থ্য আপোনাৰ অশান্তি আৰু চিন্তাৰ কাৰণ হব পাৰে। আপোনাৰ প্ৰিয়জনৰ পৰা অহা এক ফোনে আপোনাৰ গোটেই দিন ধুনীয়া কৰি দিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, এইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। আপুনি নিজৰ জীৱন সংগীৰ সহায়ত জীৱনৰ কঠিনতম মুহুৰ্ত সমূহো বহুত সহজ ভাৱে সন্মুখীন হব পাৰে। যি কাম আপুনি আজি সম্পূৰ্ণ কৰিবলৈ সমৰ্থ সেইকাম কাইলৈ বুলি পেলাই নথ’লেই আপোনাৰ বাবে ভাল।
কুম্ভ ৰাশি ফলাফল
আপোনাক নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক সাৱধান হোৱাৰ দৰকাৰ আছে , বিশেষকৈ ৰক্তচাপৰ ৰোগী সকল যত্ন লোৱা উচিত। নিজস্ব খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ চেষ্টা কৰক আৰু অকল প্ৰয়োজনীয় বস্তু সমূহে ক্ৰয় কৰক। ঘৰৰ পৰিৱেশত অলপ সাল-সলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাাৰ প্ৰিয়জন আপোনাক সুখী আৰু আনন্দিত কৰিবলৈ কিবা বিশেষ এটা কৰিব। যদি আজি আপুনি সামগ্ৰী কিনিবলৈ বাহিৰলৈ ওলায় তেন্তে নতুন পোছাক এযোৰ লব পাৰে। যদি আপুনি বৈবাহিক জীৱনত বহুত দীঘলীয়া সময়ৰ পৰা অসুখী হৈ আছে, তেন্তে আজিৰ দিনাখন আপোনাৰ অৱস্থা ভাল হোৱা যেন অনুভৱ কৰিব । আজি আপোনাৰ মনটো প্ৰশান্তিৰে ভৰি থাকিব সেয়ে ঘৰতো ভাল পৰিৱেশ এটা বিৰাজ কৰিব।
মীন ৰাশি ফলাফল
আপোনাৰ মানসিক অশান্তি বহুত পৰিমাণে কমি যাব। যিসকল লোকে ক্ষুদ্ৰ উদ্যোগ পৰিচালনা কৰে তেখেতসকলক আজি কোনোবা ঘনিষ্ঠৰ পৰা পোৱা উপদেশ মতে আৰ্থিক লাভ হোৱাৰ পুৰ্ণ সম্ভাৱনা আছে। সন্তান খেলা-ধূলা আৰু বেলেগ বাহিৰা গতিবিধি ত অধিক সময় খৰচ কৰিব। আপোনাৰ প্ৰিয়জনৰ মুড আজি ভাল নহ’ব ,এইবাবে জানি-বুজি সকলো কাম কৰিব। যদি আপুনি ভাৱে যে বন্ধুৰ লগত প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা আপোনাৰ বাবে ভাল ,তেন্তে আপুনি ভুল , এইবোৰেই আপোনাক আহিবলগা সময়ত বিপদত পেলাব পাৰে। আপোনাৰ জীৱন সংগীৰ আব্দাৰ বোৰে আপোনাক আশান্তি প্ৰদান কৰিব পাৰে। আজি কিবা সমস্যাই আপোনাক গোটেই দিন অসুবিধা দিব পাৰে ।এই সমস্যা দুৰ কৰিবৰ বাবে ঘৰৰ মানুহৰ লগত কথা পাতক।